অসম

assam

By

Published : Apr 27, 2019, 1:11 PM IST

Updated : Apr 27, 2019, 2:45 PM IST

ETV Bharat / state

শৰাইঘাট যান-জঁটঃ অতিৰিক্ত শ্ৰমিকৰে কাম খৰতকীয়া কৰাৰ নিৰ্দেশ জিলা উপায়ুক্তৰ

বিগত ডেৰ মাহে দলং মেৰামতিৰ নামত সাধাৰণ জনতাক জ্বলা-কলা খুৱাই অহা ৰেল বিভাগৰ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে জিলা প্ৰশাসনে ৷ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰে মাত্ৰ 13 গৰাকী কৰ্মচাৰীৰে দলঙৰ মেৰামতিৰ কাম চলাই থকা ৰেল বিভাগে ডেৰ মাহত মাত্ৰ 20 শতাংশ কাম সম্পন্ন কৰিবলৈ সক্ষম হৈছে ৷

শৰাইঘাটৰ যান-জঁট

গুৱাহাটী, 27 এপ্ৰিলঃ বিগত ডেৰ মাহে পুৰণি শৰাইঘাট দলং মেৰামতি কৰাৰ নামত দলঙৰ দুয়োপাৰে সৃষ্টি হোৱা যান-জঁট সন্দৰ্ভত ৰে'ল বিভাগৰ সৈতে সংবাদমেল সম্বোধন কৰে কামৰূপ জিলা প্ৰশাসনে ৷ কামৰূপৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই আহ্বান কৰা সংবাদমেলত উপস্থিত থাকে অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া আৰু জিলা পৰিবহণ বিষয়া গৌতম দাসৰ লগতে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বহুকেইগৰাকী শীৰ্ষ বিষয়া ৷

ৰেলৱে বিভাগৰ সৈতে কামৰূপ জিলা প্ৰশাসনৰ সংবাদমেল

ৰে'ল বিভাগৰ গাফিলতিৰ বাবে বিগত ডেৰ মাহে দলং মেৰামতিৰ নামত সাধাৰণ জনতাক জ্বলা-কলা খুৱাই অহা ৰেল বিভাগ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে জিলা প্ৰশাসনে ৷ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰে মাত্ৰ 13 গৰাকী কৰ্মচাৰীৰে দলঙৰ মেৰামতিৰ কাম চলাই থকা ৰেল বিভাগে ডেৰ মাহত মাত্ৰ 20 শতাংশ কাম সম্পন্ন কৰিবলৈ সক্ষম হৈছে ৷ সংবাদ মেলতেই ৰে'ল বিভাগৰ অভিযন্তাক ধমক দি শীঘ্ৰেই উন্নতমানৰ প্ৰযুক্তি আৰু পৰ্যাপ্ত শ্ৰমিক নিয়োগেৰে কাম খৰতকীয়া কৰাৰ নিৰ্দেশ দিয়ে কামৰূপ জিলা অতিৰিক্ত আৰক্ষী অধিক্ষক সঞ্জীৱ শইকীয়াই । আনহাতে যান-জঁট নিয়ন্ত্ৰনৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে উপায়ুক্ত কমল কুমাৰ বৈশ্যই । উল্লেখ্য যে, দলঙৰ মেৰামতিৰ বাবে শৰাইঘাট দলঙৰ দুয়োপাৰে সৃষ্টি হৈ আহিছে তীব্ৰ যান-জঁটৰ ৷ দলঙৰ দুয়োপাৰে সৃষ্টি হোৱা যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ ভাগত বন্ধ কৰি দিয়া হৈছে সকলো ধৰনৰ গধুৰ যানবাহন ৷

Last Updated : Apr 27, 2019, 2:45 PM IST

ABOUT THE AUTHOR

...view details