অসম

assam

ETV Bharat / state

অসমত বৃষ্টিপাতৰ সম্ভাৱনাঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী - কৰ'ণাসৃষ্ট পৰিৱেশে

কৰ'ণাসৃষ্ট পৰিৱেশে শাৰদীয় দুৰ্গা পূজাৰ উছাহ ম্লান কৰাৰ পিছত এই বিধি-পথালি দিছে বতৰে। অহা ২৪ ঘণ্টাৰ ভিতৰত অসমৰ কোনো কোনো ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ লগতে বেছি ভাগ স্থানতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই কথা প্ৰকাশ কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ কৰ্তৃপক্ষই।

অসমত বৃষ্টিপাতৰ সম্ভাৱনা:বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী
অসমত বৃষ্টিপাতৰ সম্ভাৱনা:বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী

By

Published : Oct 23, 2020, 6:18 PM IST

দক্ষিণ কামৰূপ, ২৩ অক্টোবৰ: দূৰ্গা পূজাত বতৰে বিধি-পথালি দিয়াৰ আগজাননী দিছে কামৰূপৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আজি সপ্তমীৰ দিনাও নেৰানেপেৰা বৰষুণ দি থকা পৰিলক্ষিত হয়। আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত অসমৰ কোনো কোনো ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ লগতে বেছি ভাগ স্থানতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকট কৰি ৰাজ্যবাসীক সতৰ্ক কৰিছে বৰঝাৰস্থিত কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰ কৰ্তৃপক্ষই।

অসমত বৃষ্টিপাতৰ সম্ভাৱনা:বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী

আজিৰ দিনটোতো অসমৰ কিছু ঠাইত প্ৰৱল বৰষুণ হোৱাৰো আগজাননী দিছে বতৰ বিজ্ঞান বিভাগৰ ডেপুটী ডাইৰেক্টৰ জেনেৰেলে। ইফালে মহামাৰীৰ ত্ৰাসত পূজা মণ্ডপসমূহত ভক্তৰ সেৰেঙা উপস্থিতি দেখা গৈছে। লগতে এতিয়া ধাৰাবহিকভাৱে বৃষ্টিপাত হৈ থাকিলে ভক্তৰ মন সেমেকাই তোলাতো স্বাভাৱিক।


লগতে পঢ়ক:তিনিচুকীয়াত পূজা মণ্ডপলৈ প্ৰশাসনে জাৰি কৰিছে কেইবাটাও নিয়ম

ABOUT THE AUTHOR

...view details