অসম

assam

ETV Bharat / state

আমিনগাঁৱত অৱহেলিত মহাবীৰ চিলাৰায় - silarai park pathetic condition

জহি-খহি গৈছে আমিনগাঁৱৰ মহাবীৰ চিলাৰায় উদ্যান ৷ খবৰ ল'বলৈ আজৰি নাই চৰকাৰ-জাতীয় সংগঠনৰ ৷

আমিনগাঁৱত অৱহেলিত মহাবীৰ চিলাৰায়

By

Published : Sep 9, 2019, 7:06 PM IST

আমিনগাঁও, 9 ছেপ্তেম্বৰ: মহানগৰীৰ আমিনগাঁৱত অৱহেলিত হৈ পৰি ৰৈছে জাতীয় বীৰ চিলাৰায় ৷ জহি খহি গৈছে বীৰ চিলাৰায় উদ্যানত থকা চিলাৰায়ৰ প্ৰতিমূৰ্তি ৷ প্ৰাক্তন মন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনতে মুকলি হোৱা এই উদ্যানখনৰ চোৱা-চিতাৰ দায়িত্বত আছিল গেমন ইণ্ডিয়া কিন্তু বৰ্তমানে কামৰূপ জিলা প্ৰশাসনে উদ্যানখনৰ চোৱা-চিতা কৰিবলৈ আৰম্ভ কৰা পাছৰে পৰা উদ্যানখন কদৰ্যময় পৰিৱেশলৈ গতি কৰিছে৷ মানুহৰ প্ৰশ্ৰাৱ কৰা স্থানলৈ পৰিৱৰ্তন হোৱা এই উদ্যানখনত এতিয়া দিনে পোহৰে বহে মদ আৰু জুৱাৰ ডাঙৰ আড্ডা৷ হাবি জংঘলে আৱৰি থকা বীৰ চিলাৰায়ৰ মূৰ্তি আৰু উদ্যানখনৰ লেতেৰা দুৰ্গন্ধময় পৰিৱেশ দেখিও চকু মুদা কুলিৰ ভাওত কামৰূপ জিলা প্ৰশাসন ৷ এতিয়া প্ৰশ্ন হয় কেৱল চিলাৰায় দিৱসৰ দিনাহে বীৰ গৰাকীৰ চোৱা-চিতা কৰি দায়িত্ব সামৰে নেকি কোঁচ ৰাজবংশী সংগঠন সমূহে ? এই দৃশ্য দেখাৰ পাছত কামৰূপ জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ৷

জহি-খহি গৈছে আমিনগাঁৱৰ মহাবীৰ চিলাৰায় উদ্যান

ABOUT THE AUTHOR

...view details