বাইহাটা,5 জুন: চহৰ-নগৰৰ পিচতে এতিয়া গ্ৰামাঞ্চলসমূহত ক’ভিডৰ গণ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে । ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰামাঞ্চলত ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগে ন ন পদক্ষেপ গ্ৰহণ কৰিছে । শেহতীয়াকৈ স্বাস্থ্য বিভাগে গাঁৱসমূহলৈ গৈ প্ৰশাসনৰ উদ্যোগত গাঁৱবাসীৰ মাজত ক’ভিড পৰীক্ষা কৰাৰ লগতে ক’ভিড নিগেটিভ লোকসকলক ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছেনে নাই তাৰ তদাৰক কৰে ৷
কমলপুৰ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক দিগন্ত কলিতা(MLA diganta Kalita)ই এই গাঁৱসমূহলৈ গৈ ক’ভিড পৰীক্ষা আৰু টীকাকৰণ সকলোৱে লাভ কৰিছেনে নাই তদাৰক কৰে ৷ লগতে ক’ভিড প্ৰতিষেধক গ্ৰহণৰ পৰা যাতে কোনো লোক যাতে বাদ পৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ প্ৰদান কৰে ৷