অসম

assam

ETV Bharat / state

কমলপুৰত কয়লাভৰ্তি ট্ৰাক জব্দ - ডা° অংকিতা শৰ্মা

লক ডাউনৰ সময়চোৱাত অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল আৰম্ভ হোৱাৰ লগে লগে সৰবৰাহ হবলৈ লৈছে অন্য সামগ্ৰী কঢ়িওৱা বাহনো ।

kamalpur-police-seized-coal-loaded-truck
কমলপুৰত কয়লাভৰ্তি ট্ৰাক জব্দ

By

Published : Apr 25, 2020, 9:08 PM IST

বাইহাটা, 24 এপ্ৰিল: লক ডাউনৰ মাজতে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱাৰ বাবে একাংশ বাহনৰ ক্ষেত্ৰত লক ডাউন কিছু শিথিল কৰিছে চৰকাৰে ৷ কিন্তু চৰকাৰৰ এই ঘোষণাৰ যেন সুযোগ লৈছে একাংশই ৷ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল আৰম্ভ হোৱাৰ লগে লগে সৰবৰাহ হবলৈ লৈছে অন্য সামগ্ৰী কঢ়িওৱা বাহনো । বৃহস্পতিবাৰে কমলপুৰ আৰক্ষীয়ে জব্দ কৰে দুখনকৈ কয়লা সৰবৰাহ কৰা ট্ৰাক । ট্ৰাক দুখন জব্দ কৰাৰ সময়ত গাড়ীৰ চালকে দেখুৱাব নোৱাৰিলে কোনো ধৰনৰ বৈধ নথি পত্ৰ । আৰক্ষীয়ে ট্ৰাক দুখন জব্দ কৰাৰ পিচতে উপস্থিত হয় কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা আৰু কমলপুৰ ৰাজহ চক্ৰ বিষয়া তথা দণ্ডাধীশ ডা° অংকিতা শৰ্মা ।

কমলপুৰত কয়লাভৰ্তি ট্ৰাক জব্দ

বৰ্তমানৰ পৰিস্থিতিত কয়লা পৰিবাহী ট্ৰাক চলাচল কৰিব পাৰে নে নোৱাৰে তথা কয়লা জাতীয় সামগ্ৰীৰ ৰপ্তানি কৰিব পাৰে নে নোৱাৰে সেয়া পৰ্য্যবেক্ষণ কৰাৰ বাবে ট্ৰাক দুখন জব্দ কৰি থয় আৰক্ষীয়ে ।

লগতে পঢ়ক : ক’ভিড-১৯ সন্দৰ্ভত নেডাৰলেণ্ডছৰ সৈতে সহযোগিতা অব্যাহতঃ ভাৰতীয় ৰাষ্ট্ৰদূত বেণু ৰাজামণি

ABOUT THE AUTHOR

...view details