অসম

assam

ETV Bharat / state

দুৰ্নীতিৰ বিৰুদ্ধে এক্সন মুডত কমলপুৰৰ বিধায়ক দিগন্ত কলিতা - লোকনিৰ্মান বিভাগ

বিষয়া, কৰ্মচাৰী, ঠিকাদাৰ, পঞ্চায়ত প্ৰতিনিধিয়ে চৰকাৰী আঁচনিৰ ধন খেলি-মেলি কৰিলে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা । কামৰূপ(গ্ৰাম্য) জিলাৰ কমলপুৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক দিগন্ত কলিতাই কমলপুৰৰ পৰিদৰ্শন বঙলাত এই মত প্ৰকাশ কৰি সমষ্টিটোত দুৰ্নীতি বিৰোধী অভিযান চলোৱাৰ হুংকাৰ প্ৰদান কৰে ।

দুৰ্নীতিৰ বিৰুদ্ধে এক্সন মুদত কমলপুৰৰ বিধায়ক দিগন্ত কলিতা
দুৰ্নীতিৰ বিৰুদ্ধে এক্সন মুদত কমলপুৰৰ বিধায়ক দিগন্ত কলিতা

By

Published : May 13, 2021, 7:45 PM IST

বাইহাটা,13 মে’: চৰকাৰী আঁচনিৰ ধন খেলি-মেলি কৰা কাকো ৰেহাই দিয়া নহ’ব । বিষয়া, কৰ্মচাৰী, ঠিকাদাৰ, পঞ্চায়ত প্ৰতিনিধিয়ে চৰকাৰী আঁচনিৰ ধন খেলি-মেলি কৰিলে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা । দুৰ্নীতিৰ প্ৰমাণ পালে তেনে বিষয়া, কৰ্মচাৰী , ঠিকাদাৰ, পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ৰুজু কৰা হ’ব গোচৰ । কামৰূপ(গ্ৰাম্য) জিলাৰ কমলপুৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক দিগন্ত কলিতাই কমলপুৰৰ পৰিদৰ্শন বঙলাত এই মত প্ৰকাশ কৰি সমষ্টিটোত দুৰ্নীতি বিৰোধী অভিযান চলোৱাৰ হুংকাৰ প্ৰদান কৰে ।

প্ৰথমতে বিধায়ক গৰাকীয়ে পৰিদৰ্শন বঙলাত লোকনিৰ্মাণ বিভাগৰ কমলপুৰ উপ-সংমণ্ডলৰ বিষয়া কৰ্মচাৰীৰ সৈতে সমষ্টিটোৰ নিৰ্মীয়মান পথসমূহৰ অগ্ৰগতিৰ বুজ লৈ কামৰ মানদণ্ডৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে । বিধায়ক গৰাকীয়ে পঞ্চায়ত প্ৰতিনিধি, বিষয়া কৰ্মচাৰীসমূহকো নিজ নিজ পঞ্চায়তত থকা আঁচনি ৰূপায়ণৰ খেলিমেলিসমূহ দূৰ কৰিবলৈ সাত দিনৰ সময়সীমা প্ৰদান কৰে ।

দুৰ্নীতিৰ বিৰুদ্ধে এক্সন মুডত কমলপুৰৰ বিধায়ক দিগন্ত কলিতা

সাত দিনৰ ভিতৰত খেলিমেলি থকা কামসমূহ সঠিক কৰা নহ’লে তেনে পঞ্চায়ত প্ৰতিনিধি, বিষয়া কৰ্মচাৰীসমূহৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰাৰ হুংকাৰ দিয়ে । আনহাতে সমষ্টিটোৰ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ২০ লাখ টকা ব্যয় সাপেক্ষে উন্নয়নৰ কাম চলি থকা কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ পৰিদৰ্শন কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । নিজৰ গাঁৱখনৰ নাতিদূৰৈৰ এই খেলপথাৰখন পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ দিশত বিশেষ অভিজ্ঞতা থকা বিধায়ক গৰাকীয়ে ইয়াত অধিক মুনাফাৰ বাবে প্ৰকল্প মূল্য নিৰূপণতকৈ নিম্নমানৰ কাম কৰাটো ধৰা পেলায় ।

এই সন্দৰ্ভত তেওঁ কৰা অভিযোগ অনুসৰি এই খেলপথাৰখনৰ চাৰিসীমাৰ পকীবেৰ নিৰ্মাণত প্ৰয়োজনীয় স্থানসমূহত ১২ মিলিমিটাৰৰ ৪ ডালকৈ লোৰ ৰড ব্যৱহাৰ কৰিব লাগে । কিন্তু ইয়াত ১২ মিলিমিটাৰৰ লোৰ ৰড ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ৮ মিলিমিটাৰৰ লোৰ ৰডহে ব্যৱহাৰ কৰা হৈছে । তদুপৰি, প্ৰয়োজনীয় ৪ ডাল লোৰ ৰডৰ স্থানতো ব্যৱহাৰ কৰা হৈছে ৩ ডাল ৰড ৷ এই সন্দৰ্ভত বিধায়ক গৰাকীয়ে অনুসন্ধান কৰি ৭ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ সংশ্লিষ্ট কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গৰাকীক নিৰ্দেশনা দিয়াৰ লগতে সকলো বিসংগতি আঁতৰাই প্ৰকল্প মূল্য নিৰূপণ অনুসৰি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈও কঠোৰ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: মাজুলীত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details