অসম

assam

By

Published : Nov 14, 2020, 2:06 PM IST

ETV Bharat / state

তৃণমূল পৰ্যায়ৰ পৰা দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত ব্যস্ত বিজেপি!

তৃণমূল পৰ্যায়ৰ পৰাই বিজেপিয়ে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত ব্যস্ত হৈ পৰিছে দলীয় কাৰ্যকৰ্তা সকল ৷ যাৰ বাবে সমগ্ৰ অসমতে বিজেপি দলৰ শীৰ্ষ নেতৃত্বই কাৰ্যকৰ্তা সকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে ।

kamalpur-bjp-worker-training
তৃণমূল পৰ্য্যায়ৰ পৰাই দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাত ব্যস্ত বিজেপিঃ

বাইহাটা, 14 নৱেম্বৰঃ 21 নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰস্তুতি আৰম্ভ কৰিছে শাসক-বিৰোধীৰ লগতে কা' আন্দোলনৰ পটভূমিত জন্ম হোৱা নতুন আঞ্চলিক ৰাজনৈতিক দল সমূহে ৷ তৃণমূল পৰ্যায়ৰ পৰাই বিজেপিয়ে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত ব্যস্ত হৈ পৰিছে দলীয় কাৰ্যকৰ্তাসকল ৷ যাৰ বাবে সমগ্ৰ অসমতে বিজেপি দলৰ শীৰ্ষ নেতৃত্বই কাৰ্যকৰ্তা সকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে ।

তৃণমূল পৰ্য্যায়ৰ পৰাই দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাত ব্যস্ত বিজেপিঃ

বাইহাটা চাৰিআলিৰ কমলপুৰত বিজেপিৰ কমলপুৰ মণ্ডল আৰু বিহদিয়া জাজীকোনা মণ্ডলৰ কাৰ্যকৰ্তা সকলৰ এক প্ৰশিক্ষণ কাৰ্যসূচীত শনিবাৰে উপস্থিত থাকে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস ৷ সভাত তেওঁ কয়,ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক ভেটি তৃণমূল পৰ্যায় পৰাই যথেষ্ঠ শক্তিশালী ৷ কিন্তু নতুন ৰাজনৈতিক দলৰ প্ৰত্যাহ্বানৰ বাবে বিজেপিক আৰু অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টা অব্যহত ৰখা বুলিও মন্তব্য কৰে সাংসদ পল্লৱ লোচন দাসে ।

বিজেপিৰ কমলপুৰ মণ্ডল আৰু বিহদিয়া জাজীকোনা মণ্ডলৰ কাৰ্যকৰ্তা

লগতে পঢ়কঃসাংবাদিক পৰাগ ভূঞালৈ শ্ৰদ্ধাঞ্জলি পুৰণিগুদাম প্ৰেছ ক্লাৱৰ

ABOUT THE AUTHOR

...view details