বাইহাটা,25 মাৰ্চঃ ৰাজ্যত এতিয়া নিৰ্বাচনী গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে ৷ তাৰ মাজতে হিংসাত্মক ঘটনা বৃদ্ধি পোৱা দেখা গৈছে ৷ বুধবাৰে নিশাৰ ভাগত কমলপুৰ সমষ্টিৰ দুই ঠাইত কোনো দুৰ্বৃত্তই ভাঙি ছিঙি লণ্ড-ভণ্ড কৰে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় ।
যিমানে কাৰ্যালয় ভাঙিব সিমানে ভোট বাঢ়িব: দিগন্ত কলিতা - নিৰ্বাচনী কাৰ্যালয় দুটা
কোনো দুৰ্বৃত্তই কৰৰা আৰু পুঠিমাৰীত পৃথকে পৃথকে ভাঙি পেলাই দুটাকৈ নিৰ্বাচনী কাৰ্যালয় ৷ তাৰপিচতে যিমানে কাৰ্যালয় ভাঙিব সিমানে ভোট বাঢ়িব বুলি মন্তব্য কৰে কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাই ।
কমলপুৰত বিজেপিৰ কাৰ্যালয় লণ্ডভণ্ড
উল্লেখযোগ্য যে, কোনো দুৰ্বৃত্তই কৰৰা আৰু পুঠিমাৰীত পৃথকে পৃথকে ভাঙি পেলাই দুটাকৈ নিৰ্বাচনী কাৰ্যালয় ৷ তাৰপিচতে যিমানে কাৰ্যালয় ভাঙিব সিমানে ভোট বাঢ়িব বুলি মন্তব্য কৰে কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাই । দিগন্ত কলিতাই কংগ্ৰেছলৈ অভিযোগ তুলি কয় যে, কংগ্ৰেছে শংকিত হৈ যদি কাৰোবাক ধমকি দিছে আন কাৰোবাৰ কাৰ্যালয় ভাঙিছে ৷ এয়া কংগ্ৰেছ দলৰ স্বভাৱ বুলিও মন্তব্য কৰে দিগন্ত কলিতাই ৷