বাইহাটা,1 জানুৱাৰী :বছৰৰ পহিলা দিনটোত সমগ্ৰ লোক নৱবৰ্ষক আদৰণি জনোৱাত ব্যস্ত থকাৰ সময়তে কমলপুৰত দেখা গ'ল অন্য এক দৃশ্য ৷ কমলপুৰ সমষ্টিৰ অন্তৰ্গত বাৰেডলা জয়ন্তীপুৰ গাঁৱত কুটীৰ শিল্পৰে অৰ্থনৈতিক স্বাৱলম্বীতাৰ সূচনা কৰিছে গাঁওখনৰ ৪০০টা পৰিয়ালক ৷ মূৰ্গীৰ পোৱালী সৰবৰাহৰ বাবে ব্যৱহৃত শাচা বাঁহেৰে প্ৰস্তুত কৰি দখল কৰিছে আন্তৰ্জাতিক বজাৰ। বিগত পোন্ধৰ বছৰে এই কুটীৰ শিল্পৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰি আছে গাঁও খনৰ লোকে ৷
কমলপুৰত কুটীৰ শিল্পৰে অৰ্থনৈতিক স্বাৱলম্বিতাৰ সূচনা - kamalpur bamboo industry for economic growth
কমলপুৰৰ বাৰেডলা জয়ন্তীপুৰত কুটীৰ শিল্পৰে অৰ্থনৈতিক স্বাৱলম্বীতাৰ সূচনা কৰিছে গাঁওখনৰ ৪০০টা পৰিয়ালক ৷ মূৰ্গীৰ পোৱালী সৰবৰাহৰ বাবে ব্যৱহৃৰ কৰা শাচা বাঁহেৰে প্ৰস্তুত কৰি আন্তৰ্জাতিক বজাৰ দখল কৰিবলৈও সক্ষম হৈছে ৷ বিগত পোন্ধৰ বছৰে এই শিল্পৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰি আছে গাঁওখনৰ লোকসকলে ।
বাঁহৰে নিৰ্মিত এই শাচা বহুজাতিক উদ্যোগলৈ ৰপ্তানি কৰি এখন বৃহৎ বজাৰৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বাৰেডলা জয়ন্তীপুৰবাসী। বহুজাতিক প্ৰতিষ্ঠানৰ প্লাষ্টিকৰ শাচাতকৈ ফেৰ মাৰি উজলিছে কমলপুৰৰ উৎপাদিত বাঁহৰে নিৰ্মিত শাচা। গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ পুৰুষ-মহিলা,জীয়ৰী-বোৱাৰী সকলোৱে কাম কৰি উদ্যোগটো জীয়াই ৰখাৰ লগতে সপ্তাহত উপাৰ্জন কৰে প্ৰায় ২৫০০ টকা। কিন্তু প্লাষ্টিক কোম্পানী সমূহে অনুৰূপ ধৰণৰ শাচা বজাৰত উলিওয়াৰ ফলত এক ভাবুকি আহি পৰাৰ আশংকা আহি পৰিছে কুটিৰ শিল্পটিলৈ।
আৰু পঢ়ক : কামৰূপৰ বায়ুমণ্ডলত ভয়াৱহ ৰূপত বৃদ্ধি হৈছে প্ৰদূষণ