বাইহাটা,10 ডিচেম্বৰ :পুনৰ অসম আৰক্ষীক লজ্জানত কৰিলে এগৰাকী সহকাৰী উপ-পৰিদৰ্শকে । কামৰূপ আৰক্ষীৰ ঘৃণনীয় কাণ্ড । কামৰূপ জিলাৰ কমলপুৰ আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক ধীৰেশ্বৰ কলিতাৰ উৎকোচ লোৱাৰ ভিজুৱেল ভাইৰলে চ’ছিয়েল মিডিয়াত । উল্লেখযোগ্য যে, গোচৰ মীমাংসাৰ বাবে ধন লোৱাৰ অভিযোগ সহকাৰী উপ-পৰিদৰ্শক গৰাকীৰ বিৰুদ্ধে ।
সম্প্ৰতি কলিতাই ধন লোৱাৰ লাইভ ভিজুৱেল ভাইৰেল হৈ পৰিছে চ’ছিয়েল মিডিয়াত । আনহাতে ঘোচখোৰ আৰক্ষী বিষয়া গৰাকীয়ে আইনৰ সহায় বিচৰা লোককো অভব্য আচৰণ কৰাৰ গুৰুত্বৰ অভিযোগ আছে ।