অসম

assam

ETV Bharat / state

পাণ্ডু-কামাখ্যাধাম পথ নিৰ্মাণ স্থগিত - স্থগিত

যোৱা বৰ্ষৰ জানুৱাৰী মাহত কাম আৰম্ভ হৈছিল 13.85 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা এই পথচোৱাৰ । প্ৰায় 2.3 কি:মি: দৈঘ্যৰ পথচোৱা সম্পূৰ্ণ হ'লে যথেষ্ট উপকৃত হ'ব দৰ্শনাৰ্থীৰ লগতে নীলাচল পাহাৰবাসী ৷

etv bharat

By

Published : Mar 23, 2019, 8:38 PM IST

গুৱাহাটী, 23 মাৰ্চ :মহানগৰীৰ পাণ্ডু টেম্পলঘাটত অবৈধভাৱে বসবাস কৰি থকা প্ৰায় 25 ঘৰ লোকৰ বাবেই কাম বন্ধ কৰিবলৈ বাধ্য হ'ল গড়কাপ্তানি বিভাগে ৷ পাণ্ডুৰ পৰা শক্তিপীঠ কামাখ্যা ধামলৈ যোৱা বিকল্প পথৰ কাম বন্ধ হৈ আছে কিয়নো পথ নিৰ্মাণৰ সময়চোৱাত পাহাৰ খহি ভয়ংকৰ অঘটন হ'ব পাৰে উক্ত স্থানত ৷ উল্লেখ্য যে , বিগত কিছু দিন পূৰ্বে এই স্থানৰ লোক সকলক প্ৰশাসনে ঠাইডোখৰ খালী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৷ কিন্তু এতিয়াও বহুকেইটা পৰিয়ালেখালী কৰা নাই ঘৰ ৷ ইয়াৰ ফলত কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি বন্ধ হৈ আছে পথটোৰ নিৰ্মাণ কাৰ্য ৷ ইফালে শনিবাৰে আৰক্ষীয়ে এই স্থানত অতি বিপদসংকুলভাৱে বাস কৰি থকা লোক সকলক ঘৰ খালী কৰিবলৈ পুনৰ নিৰ্দেশনা জাৰি কৰে ৷

পাণ্ডু-কামাখ্যাধাম পথ নিৰ্মাণ স্থগিত

উল্লেখ্যযে, যোৱা বৰ্ষৰ জানুৱাৰী মাহত কাম আৰম্ভ হৈছিল 13.85 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা এই পথচোৱাৰ । প্ৰায় 2.3 কি:মি: দৈঘ্যৰ পথচোৱা সম্পূৰ্ণ হ'লে যথেষ্ট উপকৃত হ'ব দৰ্শনাৰ্থীৰ লগতে নীলাচল পাহাৰবাসী ৷

ABOUT THE AUTHOR

...view details