অসম

assam

ETV Bharat / state

প্ৰেমিকাৰে মতানৈক্যঃ আত্মহত্যা প্ৰেমিকৰ - গুৱাহাটী

মহানগৰীত প্ৰেমিকাৰে মতানৈক্য হৈ যুৱকে ল'লে চৰম সিদ্ধান্ত ৷ প্ৰেমিকাৰ নামত চুইচাইড নোট লিখি চিপ লৈ আত্মহনন পাপ্পু ৰয় নামৰ যুৱকজনৰ ।

মহানগৰীত যুৱকৰ আত্মহত্যা

By

Published : Apr 4, 2019, 1:48 PM IST

গুৱাহাটী,4এপ্ৰিল: বুধবাৰে নিশা মহানগৰীৰ কালীপুৰত সংঘটিত হ'ল যুৱকৰ আত্মহত্যাৰ ঘটনা । নিজ প্ৰেমিকাৰ বাবে চৰম সিদ্ধান্ত বাচি ল'লে প্ৰেমিক পাপ্পু ৰয় নামৰ যুৱকজনে। বৃহস্পতিবাৰে পুৱা পৰিয়ালৰ লোকে চিপ লৈ থকা অৱস্থাত যুৱকজনক প্ৰত্যক্ষ কৰি জালুকবাৰী আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটোৰ কাষৰ পৰা এখন চুইচাইড নোট উদ্ধাৰ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ইপিনে মৃত যুৱকজনৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি কিছুদিনৰ পৰা প্ৰেমিকাৰ সৈতে হৈ থকামতানৈক্যৰ ফলতে যুৱকজনে বুধবাৰে নিশা বাচি লয় আত্মহত্যাৰ দৰে সিদ্ধান্ত ৷ অৱশ্যে আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

মহানগৰীত যুৱকৰ আত্মহত্যা

ABOUT THE AUTHOR

...view details