ৰঙিয়া,৩ফেব্ৰুৱাৰী:কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত চাপনীয়া গাঁৱৰ নিৱাসী শিক্ষক উজ্জ্বল ডেকালৈ 'কাব্যশ্ৰী' উপাধি প্ৰদান কৰা হয় । অসম সাহিত্য সভাৰ কাৰ্যালয়ৰ লক্ষ্মীৰাম বৰুৱা সদনত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত এক অনুষ্ঠানত তেওঁক প্ৰদান কৰা হয় এই সন্মান । ২০০৬ চনৰ পৰা কবিতা লিখি ভালপোৱা উজ্জ্বল ডেকাই ২০১৭ চনত “কুঁহি-এক প্ৰাপ্তিৰ নাম” নামেৰে প্ৰথমখন কাব্যপুথি প্ৰকাশ কৰে আৰু ইয়াৰ বাবেই তেওঁলৈ 'সৃষ্টিৰ পদাতিক অসমে' কাব্যশ্ৰী উপাধি প্ৰদান কৰে ৷ এখন ফুলাম গামোচা,মানপত্ৰ,বঁটা আৰু এখন পৱিত্ৰ ভাগৱত গীতাৰে সন্মানিত কৰা হয় উজ্জ্বল ডেকাক ।
উল্লেখ যে ৰঙিয়াৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত থকাৰ উপৰিও উজ্জ্বল ডেকা সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদকৰ দায়িত্বত আছে ৷ বৰ্তমান দ্বাৰকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্থনীতি বিষয়ৰ শিক্ষক হিচাপে কৰ্মৰত চাপনীয়া নিবাসী ডেকাই ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে সাহিত্য মহলত চৰ্চিত হৈছে আৰু ৰঙিয়াবাসীয়েওঁ তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ।