দক্ষিণ কামৰূপ,15 নৱেম্বৰঃ ৰাজ্যত প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ দক্ষিণ কামৰূপৰ মিৰ্জাত এগৰাকী সাংবাদিকক পুনৰ জুৱাৰীয়ে হত্যাৰ চেষ্টা চলালে ৷ পলাশবাৰী আৰক্ষী থানাৰ অৰ্ন্তগত তিনিআলীত সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনা ৷ উল্লেখযোগ্য যে, জুৱাৰীয়ে লাইটৰ পোষ্টত বান্ধি লৈ নিৰ্মম ভাৱে গ্ৰণপ্ৰহাৰ কৰি গুৰুত্বৰ ৰূপত আহত কৰিলে গুৱাহাটীৰ পৰা প্ৰকাশিত এখন বাতৰি কাকতৰ ৰবিহাটৰ সাংবাদিক মিলন মহন্তক ৷
ঘটনা অনুসৰি দেওবাৰে সাংবাদিক মিলন মহন্তই পলাশবাৰী আৰক্ষী থানাৰ অৰ্ন্তগত তিনিআলী চকত দুপৰীয়াৰ ভাগত বজাৰ কৰি থকাৰ অৱস্থাতে সঞ্জয় ঠাকুৰীয়া নামৰ ভু-মাফিয়া তথা জুৱাৰীটোৰ নেতৃত্বত একাংশ উন্মাদ লোকে মিলন মহন্তক খেদি খেদি অতকিৰ্তে প্ৰহাৰ কৰে ৷ আক্ৰমণকাৰী দলটোৱে প্ৰহাৰ কৰিয়েই ক্ষান্ত নাথাকি ৰাজপথৰ কাষতে থকা এটা লাইটৰ পোষ্টত বান্ধি প্ৰহাৰ কৰিবলৈ লয় ৷ গুৰুত্বৰভাৱে আহত মিলন মহন্তক স্থানীয় কেইজনমান লোকৰ তৎপৰতাত কোনোমতে জুৱাৰী দলটোৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ মন কৰিবলগীয়া যে, তিনিআলীৰ নিচেই কাষতে থকা পলাশবাৰী আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল যদিও মহন্তক উদ্ধাৰ কৰা সলনি ৰহস্য জনক ভূমিকা গ্ৰহণ কৰা বুলি স্থানীয় দল সংগঠনে অভিযোগ কৰিছে ৷ তাতোকৈ আশ্চযৰ্কৰ কথাটো হ’ল যে, আৰক্ষীয়ে গুৰুতৰ ভাৱে আহত মিলন মহন্তক স্থানীয় ৰাইজৰ সহযোগত বহু পলমকৈ চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ৷