অসম

assam

ETV Bharat / state

পলাশবাৰীত জোনমণি দেৱী খাউণ্ডৰ নিৰ্বাচনী প্ৰচাৰ

নিৰ্বাচনী ৰেলীত কংগ্ৰেছ আৰু বিজেপিক কটু ভাষাৰে সমালোচনা গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ৷

By

Published : Apr 19, 2019, 5:52 PM IST

পলাশবাৰীত জোনমণি দেৱী খাউণ্ডৰ নিৰ্বাচনী প্ৰচাৰ

আজাৰা, 19 এপ্ৰিল : কংগ্ৰেছ-বিজেপিৰ তুমুল নিৰ্বাচনী প্ৰচাৰৰ মাজত পিছ পৰি থকা নাই নিৰ্দলীয় দলো৷ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত বিজয় ডংকা বজোৱাৰ উদ্দেশ্যে নিৰ্বাচনী প্ৰচাৰত উঠি-বহি লাগিছে গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ড৷

শুকুৰবাৰে পলাশবাৰীত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয় জোনমণি দেৱী খাউণ্ড৷ পলাশবাৰী বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইত ৰেলী উলিয়াই নিৰ্বাচনী প্ৰচাৰ চলায় নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে৷ কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলেই অসমীয়াৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বুলি নিৰ্বাচনী ৰেলীত উল্লেখ কৰে খাউণ্ডে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বলবৎ কৰি অসমীয়াৰ অস্তিত্ব ধ্বংস কৰিব বিচৰা বিজেপিক কোনোপধ্যেই অসমবাসীয়ে আদৰি নলয় বুলি উল্লেখ কৰে জোনমণি দেৱী খাউণ্ডে৷ আনহাতে কংগ্ৰেছেও বিধেয়ক সন্দৰ্ভত দুমুখীয়া স্থিতি গ্ৰহণ কৰি অসমবাসীক প্ৰতাৰণা কৰা বুলিও দলটোক কটাক্ষ কৰে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে৷

পলাশবাৰীত জোনমণি দেৱী খাউণ্ডৰ নিৰ্বাচনী প্ৰচাৰ

বৃহস্পতিবাৰে ছয়গাঁৱৰ গৰৈমাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ক'লা পতাকা প্ৰদৰ্শন কৰা বাবেই এগৰাকী মহিলা আটক হোৱা কাণ্ডৰো গৰিহণা প্ৰদান কৰে জোনমণি দেৱী খাউণ্ডে৷ এই কাৰ্যই জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰক খৰ্ব কৰা বুলি বিজেপিক ধিক্কাৰ দিয়ে গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে৷

ABOUT THE AUTHOR

...view details