অসম

assam

By

Published : Oct 24, 2020, 7:17 AM IST

ETV Bharat / state

বৰঝাৰত JEE পৰীক্ষাৰ্থীৰ হৈ পৰীক্ষাত বহিল আন এজন লোক !

SI কেলেংকাৰীক লৈ বিভিন্ন প্ৰতিদিনে বিভিন্ন তথ্য ফাদিল হৈ থকাৰ সময়তে এইবাৰ JEE পৰীক্ষাত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী ৷ ইতিমধ্যে ION Digital Zone নামৰ অনলাইন পৰীক্ষা কেন্দ্ৰটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সচেতন লোকে ৷

JEE examination Scame At Kamrup District
বৰঝাৰত JEE পৰীক্ষাৰ্থীৰ হৈ পৰীক্ষাত বহিল আন এজন লোক !

দক্ষিণ কামৰূপ, 24 অক্টোবৰঃ মহানগৰীৰৰ বৰঝাৰস্থিত ION Digital Zoneত এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে । ION Digital Zone নামৰ অনলাইন পৰীক্ষা কেন্দ্ৰটোত Joint Entrance Exam চমুকৈ JEEৰ পৰীক্ষাত ভয়ংকৰ কেলেংকাৰী সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ।

বৰঝাৰত JEE পৰীক্ষাৰ্থীৰ হৈ পৰীক্ষাত বহিল আন এজন লোক !

ঘটনা অনুসৰি, যোৱা ৫ ছেপ্তেম্বৰত কেন্দ্ৰটোত অনুষ্ঠিত হৈছিল Joint Entrance Exam চমুকৈ JEEৰ পৰীক্ষা । কেন্দ্ৰটোত নীল নক্ষত্ৰ দাস নামৰ এজন পৰীক্ষাৰ্থীয়ে পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত পৰীক্ষাত কেন্দ্ৰটোৰ পৰা পৰীক্ষা আধাতে সামৰি গুচি আহিছিল ৷ কিন্তু পৰীক্ষাৰ্থী জনৰ বিপৰীতে আন কোনো লোকে তেওঁৰ হৈ পৰীক্ষা দি আছিল কেন্দ্ৰটোত বুলি অভিযোগ কৰে একাংশ লোকে । আৰু পৰীক্ষাৰ্থী জনে উক্ত পৰীক্ষাত ৯৯.৮ শতাংশ নম্বৰ লাভ কৰিছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে উক্ত ঘটনাটোৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে ৷ ইফালে এই ঘটনাটো পোহৰলৈ অহাৰ পিছতেই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক- আদম আলীক জেৰাঃ গৰু বেপাৰৰ আঁৰতো আছে নেকি অন্য কোনো ৰহস্য !

ABOUT THE AUTHOR

...view details