অসম

assam

ETV Bharat / state

JEE কাণ্ডক লৈ তোলপাৰ ৰাজ্য

পুনৰ চৰ্চালৈ আহিছে JEE পৰীক্ষাৰ কেলেংকাৰী ৷ ইতিমধ্যে JEE কাণ্ডক কেন্দ্ৰ কৰি তোলপাৰ লাগিছে ৰাজ্যত ৷ মহানগৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰে পাঁচজনকৈ লোকক ।

By

Published : Oct 29, 2020, 1:52 PM IST

JEE Examination Scam azara kamrup assam etv bharat news
JEE কাণ্ডক লৈ তোলপাৰ ৰাজ্য

আজাৰা,29 অক্টোবৰ: এটাৰ পিছত এটাকৈ সংঘটিত কেলেংকাৰীৰ ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য ৷ অসম আৰক্ষীৰ এছ আই পদৰ বাছনি পৰীক্ষাৰ ক্ষেত্ৰত সংঘটিত কেলেংকাৰীৰ ঢৌ মাৰ নৌযাওঁতেই পুনৰ চৰ্চালৈ আহিছে JEE পৰীক্ষাৰ কেলেংকাৰী ৷ ইতিমধ্যে JEE কাণ্ডক কেন্দ্ৰ কৰি তোলপাৰ লাগিছে ৰাজ্যত ৷ মহানগৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰে পাঁচজনকৈ লোকক ।

JEE কাণ্ডক লৈ তোলপাৰ ৰাজ্য

গ্ৰেপ্তাৰ হোৱা লোকসকল হৈছে ড৹ জ্যোতিময় দাস, নীল নক্ষত্ৰ দাস, হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু হিৰুকমল পাঠক ৷ মহানগৰীৰৰ বৰঝাৰস্থিত E-Com Tower ৰ ION Digital Zone ত সংঘটিত হৈছিল সমগ্ৰ পৰীক্ষাৰ জালিয়াতিৰ ঘটনা ৷ বৰ্তমানলৈ এই পৰীক্ষাত জালিয়াতি কৰাৰ অপৰাধত কেন্দ্ৰটোৰ 3 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ এই কাণ্ডৰ মূখ্য অভিযুক্ত সম্প্ৰতি পলাতক অৱস্থাত আছে ৷ JEE কাণ্ডক কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠনে ৷

লগতে চাওকঃJEE কাণ্ড : আজি আদালতত হাজিৰ কৰোৱা হ’ব 5 অভিযুক্তক

ABOUT THE AUTHOR

...view details