অসম

assam

ETV Bharat / state

আদালতলৈ প্ৰেৰণ JEE কাণ্ডৰ 5 অভিযুক্তক

আদালতলৈ প্ৰেৰণ কৰা হৈছে JEE পৰীক্ষা কাণ্ডত জড়িত অভিযুক্তসকলক ৷ বুধবাৰে নিশা আটাইকেইজনক JEE কেলেংকাৰীৰ সন্দৰ্ভত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল মহানগৰ আৰক্ষীয়ে ।

By

Published : Oct 29, 2020, 3:10 PM IST

jee arrested produce to court in kamrup assam etv bharat news
আদালতলৈ প্ৰেৰণ JEE কাণ্ডৰ অভিযুক্তক

আজাৰা,29 অক্টোবৰ:বৃহস্পতিবাৰে আদালতলৈ প্ৰেৰণ কৰা হৈছে JEE পৰীক্ষা কাণ্ডত জড়িত অভিযুক্তসকলক ৷ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা পাঁচগৰাকী অভিযুক্তৰ ভিতৰত হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু হিৰুকমল পাঠক ION Digital Zone ৰ কৰ্মকৰ্তা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, বুধবাৰে নিশা আটাইকেইজনক JEE কেলেংকাৰীৰ সন্দৰ্ভত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল মহানগৰ আৰক্ষীয়ে । ধনৰ বিনিময়ত পৰীক্ষাত জালিয়াতি কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে আটাইকেইজন ব্যক্তি । তথ্য অনুসৰি, তদন্তৰ বাবে আটাইকেইজন অভিযুক্তক ৭ দিনৰ জিন্মাত বিচাৰিব আৰক্ষীয়ে ।

আদালতলৈ প্ৰেৰণ JEE কাণ্ডৰ অভিযুক্তক

ABOUT THE AUTHOR

...view details