ৰঙিয়া, 18 ডিচেম্বৰ: তিনিটা বছৰে সম্পূৰ্ণ নহ'ল ৰঙিয়াৰ এখন পকী দলঙৰ নিৰ্মাণ কাৰ্য ৷ তিনি বছৰ পূৰ্বে জয়ন্তীপুৰ-নোনাপাৰ সংযোগী বৰকুকুৰীয়া কলমনিৰ মৰাজানৰ দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও আজিলৈকে সম্পূৰ্ণ নহ'ল ৷ ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ ঘনিষ্ঠ কে আই ডি চি নামৰ ঠিকাদাৰী সংস্থাটোৱে নিৰ্মাণৰ কাম কৰিছিল যদিও এবছৰ আগৰে পৰা বন্ধ কৰি ৰাখিছে দলঙৰ কাম ৷ দহ শতাংশ কাম সম্পূৰ্ণ কৰি আধাতে সামৰি থ'লে ৷ দলং খনৰ কাম আৰম্ভ হোৱাৰে পৰা এটা এটাকৈ তিনিটা বানত পাৰ হ'ল ৷ কলৰ ভূৰ সাজি যাতায়ত কৰিলে স্থানীয় ৰাইজে, তাৰ পাচতো কোনো খবৰ ল'বলৈ আহৰি নাপালে বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাই ৷
জলসিঞ্চন মন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ বাবেই নিজ ময়মতালিৰে দলং নিৰ্মাণৰ কাম সংস্থাটোৱে যোৱা এবছৰৰ পৰা কাম বন্ধ কৰি থৈ যেনিয়ে তেনিয়ে পেলাই থৈছে সামগ্ৰী ৷ দলংখনৰ কাম আধৰুৱা কৰি থোৱাৰ বাবেই বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে যাতায়তৰ ক্ষেত্ৰত চৰম যাতনা ভোগ কৰিব লগীয়া হৈছে ৷ বিপদৰ সময়ত যিকোনো জৰুৰীকালীন সেৱা অঞ্চলটোলৈ যাব নোৱাৰে, যাৰ বাবে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ৰোগীসকলেও বহু অসুবিধাৰ সন্মুখীন হৈছে দলং খনৰ বাবে ৷