অসম

assam

ETV Bharat / state

নিৰ্বাচনী কাৰ্যালয় নোহোৱা এগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থী - জয়ন্ত কুমাৰ কলিতা

ৰঙিয়াৰ এগৰাকী ব‍্যতিক্ৰমী প্ৰাৰ্থী জয়ন্ত কুমাৰ কলিতা । নিৰ্বাচনৰ ধামখুমীয়াত হেৰাই নগৈ নীৰৱে ব‍্যতিক্ৰমভাৱে প্ৰচাৰত ব‍্যস্ত ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী গৰাকী । কলিতাই প্ৰচাৰৰ বাবে সহায় লৈছে আধুনিক তথ্য প্ৰযুক্তিৰ । ইণ্টাৰনেটৰ জৰিয়তে প্ৰচাৰ চলোৱা জয়ন্ত কুমাৰ কলিতাৰ নাই কোনো নিৰ্বাচনী কাৰ্যালয় ।

ৰঙিয়াত ব‍্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ জয়ন্ত কলিতাৰ
ৰঙিয়াত ব‍্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ জয়ন্ত কলিতাৰ

By

Published : Mar 29, 2021, 1:21 PM IST

ৰঙিয়া,২৯ মাৰ্চ: ৰাজ্যত দ্বিতীয় আৰু তৃতীয় তথা অন্তিমটো পৰ্যায়ৰ ভোটদানৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলেই তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান । প্ৰাৰ্থীসমূহে ন ন কৌশলেৰে বজাইছে ৰণডংকা । তাৰ ভিতৰত এগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থী হৈছে জয়ন্ত কুমাৰ কলিতা । নিৰ্বাচনৰ ধামখুমীয়াত হেৰাই নগৈ নীৰৱে ব‍্যতিক্ৰমভাৱে প্ৰচাৰত ব‍্যস্ত কলিতা ।

৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ কলিতাই আধুনিক তথ্য প্ৰযুক্তিৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলাইছে । ইণ্টাৰনেটৰ জৰিয়তে প্ৰচাৰ চলোৱা কলিতাৰ নাই কোনো নিৰ্বাচনী কাৰ্যালয় । আনকি ব্যৱহাৰ কৰা নাই বেনাৰ-পোষ্টাৰ ৷ অকলে মনোনয়ন দাখিল কৰা প্ৰাৰ্থী গৰাকীয়ে অকলে মানুহৰ ঘৰে-ঘৰে গৈ চলাইছে প্ৰচাৰ ।

ৰঙিয়াত ব‍্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ জয়ন্ত কলিতাৰ

পথচাৰী অথবা দোকানে-দোকানে গৈ ৰাইজৰ পৰা ভোট ভিক্ষা কৰিছে জয়ন্ত কুমাৰ কলিতাই । নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে আত্মবিশ্বাসেৰে কয় যে, ৰঙিয়াৰ মিত্ৰজোঁট আৰু মহাজোঁটৰ বহু লোকে কলিতাক ভোট দি জয়ী কৰাব । যদিহে আগন্তুক নিৰ্বাচনত কলিতা জয়ী হয়, তেন্তে ড্ৰাগছমুক্ত আৰু দুৰ্নীতিমুক্ত অঞ্চল হিচাপে ৰঙিয়াক গঢ়ি তুলিব ৷

লগতে পঢ়ক: লুৰীণ জ্যোতি গগৈৰ মাতৃ ডুলু গগৈ অসুস্থ

ABOUT THE AUTHOR

...view details