জনিয়া,14 ডিচেম্বৰঃএসময়ৰ জাতীয় নায়ক এতিয়া হৈ পৰিছে খলনায়ক । ৰাজ্যবাসীয়ে সৰ্বত্ৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি গৰিহণা দিয়ে মুখ্যমন্ত্ৰীগৰাকীক ৷ একালত ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰা সোণোৱালৰ পৰা এনে কাৰ্য কাহানিও আশা কৰা নাছিল ৰাজ্যৰ ছাত্ৰ সমাজে । সেয়ে নগৰবেৰা বি পি চি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে শনিবাৰে বিক্ষোভ প্ৰদৰ্শন কৰে ৷ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে আক্ষেপেৰ কয় যে, ‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আপুনি পদত্যাগ কৰিব নালাগে, আপুনি আত্মহত্যা কৰক । আপুনি আত্মহত্যা কৰিলে আমাৰ এই আন্দোলনৰ কৃতিত্ব ইয়াতকৈ আন একো হ'ব নোৱাৰে ।’
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপৰত ক্ষোভিত নগৰবেৰাৰ ছাত্ৰসমাজ - বিক্ষোভ
নগৰবেৰা বি পি চি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে শনিবাৰে বিক্ষোভ প্ৰদৰ্শন কৰে ৷ ৮ ঘণ্টীয়া অনশনৰে ছাত্ৰ-ছাত্ৰীসকলে এই কাৰ্যসূচী ৰূপায়ণ কৰে ৷
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপৰত ক্ষোভিত নগৰবেৰাৰ ছাত্ৰসমাজ
উল্লেখ্য যে, ছাত্ৰ-ছাত্ৰীসকলে নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে ৮ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজ তথা ছাত্ৰ সমাজৰ প্ৰতিবাদক সন্মান নিদিয়াৰ লগতে কেব বিৰোধী আন্দোলনত তিনিজন লোকে প্ৰাণ দিয়াক লৈ এইদৰে ক্ষোভ উজাৰে এজন ছাত্ৰই । তদুপৰি চৰকাৰে এই আইন বাতিল নকৰালৈ আন্দোলন চলি থাকিব বুলি জনায় শিক্ষাৰ্থীসকলে ।