কামৰূপ, 22 মাৰ্চঃ ভাৰতত কৰ'ণা ভাইৰাছৰ সতৰ্কতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশত ঘোষণা কৰিছিল জনতাৰ সান্ধ্য আইন । সমগ্ৰ দেশৰ নাগৰিকে 22 মাৰ্চ অৰ্থাৎ দেওবাৰে কৰ'ণাৰ বিৰুদ্ধে থিয় দি পালন কৰিছে জনতা কাৰ্ফিউ । জনতা কাৰ্ফিউ পালন কৰাৰ সমান্তৰালভাৱে খোলা থাকিল একাংশ ব্যক্তিগত কোম্পানী । বৰঝাৰ বিমানবন্দৰৰ সমীপৰ দক্ষিণ কামৰূপৰ বঙৰাস্থিত Ecom Express Pvt Ltd নামৰ কুৰিয়াৰ চাৰ্ভিচৰ কাম কৰা এই উদ্যোগত মুলত বহিঃৰাজ্য দিল্লীৰ পৰা প্ৰতিদিনে অনা হয় বিভিন্ন সামগ্ৰী । কোম্পানী খোলা ৰাখি চলালে নিজৰ মইমতালি । কোম্পানীটোত Flipkart,Amazon আদিৰ অনলাইন সামগ্ৰী পাৰ্চেল হোৱা এই কোম্পানীটোত কৰ্মৰত আছিল বহুতো লোক । ইয়াতকৈ ভয়ানক কথাটো হ'ল যে এই উদ্যোগটোলৈ দেওবাৰেই ৰাতিপুৱা আমদানি হৈছে চিনা সামগ্ৰীভৰ্তি এটা কাৰ্টন । উদ্যোগত কৰ্মৰত কৰ্মচাৰীয়ে ভয়-শংকাৰে কাৰ্টনটো স্পৰ্শ কৰিবলগীয়া হৈছে । চীনত নিৰ্মিত সামগ্ৰী কিদৰে এই সময়ত এনেদৰে উদ্যোগটোলৈ আহিল তাক লৈ সন্দেহ হৈছে উদ্যোগটোত কৰ্মৰত কৰ্মচাৰীৰ মাজত । কোম্পানীটোত কৰ্মৰত লোকসকলে কোম্পানীৰ পৰিচালকক বন্ধ থাকিব নে সোধাত সকলোকে হাজিৰ হৈ কাম কৰাৰ নিৰ্দেশ দিয়া বুলি মন্তব্য কৰে । আনকি নাহিলে দৰমহা কৰ্তন হ'ব বুলি কয় কোম্পানীটোৰ পৰিচালকে । যাৰ বাবে জনতা কাৰ্ফিউ অমান্য কৰি খোলা থাকিল কোম্পানীটো ৷
বৰঝাৰত জনতা কাৰ্ফিউ অমান্য, ব্যক্তিগত কোম্পানীলৈ আহিল চীনা সামগ্ৰী - বৰঝাৰত জনতা কাৰ্ফিউ অমান্য, ব্যক্তিগত কোম্পানীলৈ আহিল চীনা সামগ্ৰী
সমগ্ৰ দেশতে কৰ'ণা ভাইৰছৰ সতৰ্কতাৰ বাবে জনতা কাৰ্ফিউ পালন কৰাৰ সমান্তৰালভাৱে দক্ষিণ কামৰূপৰ বঙৰাত জনতা কাৰ্ফিউ অমান্য কৰি খোলা থাকিল ব্যক্তিগত কোম্পানী । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বন্ধ কৰি দিয়ে কোম্পানীটো ৷ আনহাতে খোলা থকা Ecom Express Pvt Ltd নামৰ কুৰিয়াৰ চাৰ্ভিচটোলৈ আহিল চীনা সামগ্ৰী ভৰ্তি এটা কাৰ্টন ৷
বৰঝাৰত জনতা কাৰ্ফিউ অমান্য, ব্যক্তিগত কোম্পানীলৈ আহিল চীনা সামগ্ৰী
উল্লেখ্য যে, পলাশবাৰী আৰক্ষী থানাই ৰাজহুৱাকৈ মাইকযোগে ঘোষনা কৰিছিল জনতা কাৰ্ফিউ সন্দৰ্ভত ৷ কিন্তু তাৰ পাচতো এনেদৰে কোম্পানীটো খোলা থকাৰ বাবে পলাশবাৰী আৰক্ষী উপস্থিত হৈ কোম্পানীটোত কৰ্মৰত সকলো লোকক ঘৰলৈ যাবলৈ দিয়াৰ লগতে কোম্পানী বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে ।
আৰু পঢ়কঃ কৰ'ণা ভাইৰাছৰ বাবেে ৰাইজক সজাগ কৰিবলৈ NDRF বিশেষ ভিডিঅ'