কামৰূপ,22 ফেব্ৰুৱাৰী: আগন্তুক বৰ্ষত হ'ব লগা বিধান সভা নিৰ্বাচনৰ বাবে জালুকবাৰী সমষ্টি কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লাভ কৰিব পাৰে কংগ্ৰেছ নেত্ৰী নন্দা দেৱীয়ে ৷ 2021ৰ নিৰ্বাচনৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা কংগ্ৰেছ দলৰ 50 জনীয়া প্ৰাৰ্থীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে জালুকবাৰীৰ কংগ্ৰেছ নেত্ৰী নন্দা দেৱীৰ নাম ৷ এই সন্দৰ্ভত ২৫ বছৰে সততাৰে কংগ্ৰেছ দলৰ হৈ কাম কৰি যোৱা নন্দা দেৱীয়ে কয় যে, দলৰ সিদ্ধান্তই সৰ্বসন্মত সিদ্ধান্ত ৷ যদি তেওঁক যোগ্য বুলি ভাবি দলে প্ৰাৰ্থী হিচাপে নিক্ষেপ কৰে তেতিয়াহ'লে প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ তেওঁ সাজু ৷ লগতে ২০২১ৰ নিৰ্বাচনত প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো প্ৰত্যাহ্বান জনাবলৈ সাজু বুলি কয় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷
জালুকবাৰী সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীত্ব পাব পাৰে নন্দা দেৱীয়ে - Jalukbari congress Candidate
2021ৰ নিৰ্বাচনৰ বাবে সংবাদ মাধ্যমত প্ৰকাশ পোৱা কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত নাম উল্লেখ হোৱা জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী নন্দা দেৱীৰ প্ৰতিক্ৰিয়া প্ৰকাশ ।
জালুকবাৰী সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীত্ব পাব পাৰে নন্দা দেৱীয়ে
আনহাতে, নন্দা দেৱীক জালুকবাৰী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে কংগ্ৰেছ দলে ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব বুলি মন্তব্য দিয়ে জালুকবাৰীৰ কংগ্ৰেছ কৰ্মী সকলে ।