অসম

assam

ETV Bharat / state

"ইণ্ডিয়া টুডে"ৰ সমীক্ষাত উজলিল জাগীৰোড মহাবিদ্যালয় - JAGIROAD COLLEGE

'ইণ্ডিয়া টুডে'ৰ ২৩ সংখ্যক সমীক্ষাত প্ৰকাশ পোৱা তথ্যত স্থান লাভ কৰিবলৈ সক্ষম হ'ল জাগীৰোড মহাবিদ্যালয়ে । সেই অনুসৰি সৰ্বভাৰতীয় পৰ্যায়ত মহাবিদ্যালয়সমূহৰ কলা শাখাৰ শীৰ্ষ ১১৯ খনৰ ভিতৰত জাগীৰোড মহাবিদ্যালয়ে ১১২ সংখ্যক স্থান, বিজ্ঞান শাখাত শীৰ্ষ ১২৩ খনৰ ভিতৰত ১১২ সংখ্যক স্থান আৰু বাণিজ্য শাখাত শীৰ্ষ ১৪৫ খনৰ ভিতৰত ১৪১ সংখ্যক স্থান দখল কৰি সমগ্ৰ ৰাজ্য তথা মৰিগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে ।

"ইণ্ডিয়া টুডে"ৰ সমিক্ষাত উজলিল জাগীৰোড মহাবিদ্যালয়

By

Published : May 29, 2019, 12:07 PM IST


জাগীৰোড,29মে': "ইণ্ডিয়া টুডে"ৰ সমিক্ষাত উজলিল জাগীৰোড মহাবিদ্যালয় । দেশৰ ১৪৫ খন শীৰ্ষ মহাবিদ্যালয়ৰ তালিকাত জাগীৰোড মহাবিদ্যালয়ৰ স্থান দখল । জনপ্ৰিয় "ইণ্ডিয়া টুডে" ই দেশৰ শিক্ষানুস্থানসমূহৰ মাজত বিগত ২২ বছৰে কলা, বিজ্ঞান, বাণিজ্য, আইন, স্বাস্থ্য, প্ৰযুক্তি আদি বিভিন্ন শাখাত চলাই আহিছে সমীক্ষা । এইবেলি ২৭ মে'ৰ ২৩ সংখ্যক সমীক্ষাত প্ৰকাশ পোৱা তথ্যত স্থান লাভ কৰিবলৈ সক্ষম হ'ল মহাবিদ্যালয়খনে । সেই অনুসৰি সৰ্বভাৰতীয় পৰ্যায়ত মহাবিদ্যালয়সমূহৰ কলা শাখাৰ শীৰ্ষ ১১৯ খনৰ ভিতৰত জাগীৰোড মহাবিদ্যালয়ে ১১২ সংখ্যক স্থান, বিজ্ঞান শাখাত শীৰ্ষ ১২৩ খনৰ ভিতৰত ১১২ সংখ্যক স্থান আৰু বাণিজ্য শাখাত শীৰ্ষ ১৪৫ খনৰ ভিতৰত ১৪১ সংখ্যক স্থান দখল কৰি সমগ্ৰ ৰাজ্য তথা মৰিগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে । মহাবিদ্যালয়খনৰ এনে সৰ্বভাৰতীয় সফলতা তথা গৌৰৱকলৈ উৎফুল্লিত হৈ পৰিছে জাগীৰোড মহাবিদ্যালয় পৰিয়াল । লগতে ইয়াৰ বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ ভৱেন চন্দ্ৰ নেওগে ।

"ইণ্ডিয়া টুডে"ৰ সমিক্ষাত উজলিল জাগীৰোড মহাবিদ্যালয়

ABOUT THE AUTHOR

...view details