অসম

assam

ETV Bharat / state

জাপানীজ এনকেফেলাইটিছঃ কামৰূপ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

ভয়ংকৰ হাৰত বৃদ্ধি পোৱা জাপানীজ এনকেফেলাইটিছ ৰোগ সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ সভাকক্ষত গুৰুত্বপূৰ্ণ সভা ৷

By

Published : Jul 5, 2019, 11:44 PM IST

জাপানিজ এনকেফেলাইটিছ ৰোগ সন্দৰ্ভত কামৰূপ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী, 5 জুলাইঃ শেহতীয়াকৈ ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ আক্ৰান্ত লোকৰ সংখ্যা । আজি এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । সভাত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে পশুপালন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, সমাজ কল্যাণ, পৌৰ নিগম আদি বিভাগৰ কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে । সভাত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ বাবে সকলো ব্যৱস্থা গঢ়ি তুলিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে । ইয়াৰোপৰি এই ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ বাবেও পদক্ষেপ লোৱাৰ কথা আলোচনা কৰা হয় । লগতে ভিতৰুৱা অঞ্চলসমূহত জাপানীজ এনকেফেলাইটিছ ৰোগ সন্দৰ্ভত সজাগতা শিৱিৰ অনুষ্ঠিত কৰাৰো সিদ্ধান্ত লোৱা হয় । উল্লেখযোগ্য যে, উক্ত সভাত কামৰূপ মহানগৰ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ গণেশ শইকীয়া, মহেন্দ্ৰ মোহন চিকিৎসালয়ৰ উপ অধীক্ষকদ্বয় ক্ৰমে ডাঃ ডি আৰ দাস আৰু ডাঃ ভূপেন কুমাৰ ভূঞা উপস্থিত থাকে ।

জাপানিজ এনকেফেলাইটিছ ৰোগ সন্দৰ্ভত কামৰূপ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details