আজাৰা, 14 জুলাইঃ নতুন নাট্যবৰ্ষৰ বাবে সাজু হ'ল ইতিহাস থিয়েটাৰ । দেওবাৰে মিৰ্জাত নাট্যৰাম্ভ হয় ইতিহাস থিয়েটাৰৰ । পুৱাৰে পৰা বিভিন্ন মাংগলিক ৰীতি-নীতি পালন কৰি দ্বাদশ বৰ্ষৰ বাবে সাজু হ'ল ইতিহাস থিয়েটাৰ । মিৰ্জাস্থিত আখৰাগৃহত বহুতো লোকৰ উপস্থিতিত শুভাৰম্ভ ঘটে ইতিহাস থিয়েটাৰৰ নতুন নাট্যবৰ্ষৰ । উল্লেখ্য যে অভিজিত ভট্টাচাৰ্যৰ 'তেজে ধোৱা মানুহ', চম্পক শৰ্মাৰ 'দানৱ', ধ্ৰুৱ শৰ্মাৰ 'এই মোৰ শেষ গান' নামৰ 3 খন নাট লৈ সাজু হৈছে ইতিহাস থিয়েটাৰ । চম্পক শৰ্মাৰ পৰিচালনাৰে এই বৰ্ষত হ'বলগীয়া নাটকেইখনৰ এখন নাটকৰ শুভ নাট্যৰাম্ভ অনুষ্ঠানতে কিছু আখৰাও কৰে শিল্পীসকলে ।
নতুন নাট্যবৰ্ষৰ বাবে সাজু ইতিহাস থিয়েটাৰ - itihash theater
এইবৰ্ষত ইতিহাস থিয়েটাৰত অভিনয় কৰিব চম্পক শৰ্মা, অংকিতা শইকীয়া, ননী দেৱী, অঞ্জলী চেত্ৰী, জেফ্ৰী বক্সী, দুলাল শৰ্মাকে ধৰি কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰী ।
মিৰ্জাত ইতিহাস থিয়েটাৰৰ শুভ নাট্যৰাম্ভ
আনহাতে, এইবৰ্ষত ইতিহাস থিয়েটাৰত অভিনয় কৰিব চম্পক শৰ্মা, অংকিতা শইকীয়া, ননী দেৱী, অঞ্জলী চেত্ৰী, জেফ্ৰী বক্সী, দুলাল শৰ্মাকে ধৰি কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰী ।