অসম

assam

ETV Bharat / state

ৰঙিয়াত উপস্থিত ITBPৰ ২১ জনীয়া চাইকেলিষ্টৰ দল - স্বচ্ছ ভাৰত

অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ১৫ আগষ্টত ITBP ৰ ২১ জনীয়া এটা দলে চাইকেল ৰেলীৰে যাত্ৰা আৰম্ভ কৰিছিল । মঙলবাৰে ৰঙিয়াত উপস্থিত হৈ জোৱানসকলৰ দলটোৱে নিজৰ মনৰ ভাৱ ব্যক্ত কৰে ।

ITBP
ৰঙিয়াত ITBPৰ ২১ জনীয়া চাইকেল ৰেলীৰ দল

By

Published : Aug 24, 2021, 2:13 PM IST

ৰঙিয়া, ২৪ আগষ্ট :দেশৰ ৭৫ তম স্বাধীনতা দিৱসৰ (75th Independence Day) লগত সংগতি ৰাখি এইবাৰ অমৃত মহোৎসৱৰ (Amrit Mahotsav) আয়োজন কৰা হৈছিল । এই কাৰ্যসূচীৰ অধীনতে ইণ্ডো-তিব্বেটান সীমান্ত বলে (ITBP) হাতত লৈছিল এক বিশেষ পদক্ষেপ । স্বাধীনতা দিৱসৰ দিনটোতে ইটানগৰৰ ITBPৰ মুখ্য কাৰ্যালয়ৰ পৰা এক চাইকেল ৰেলী (Cycle rally) উলিওৱা হৈছিল ।

ITBPৰ ১০ টা বেটেলিয়ান কোম্পানীয়ে এই ৰেলীত অংশগ্ৰহণ কৰিছিল । সম্প্ৰতি ITBPৰ জোৱানৰ বিশেষ দলটো আহি উপস্থিত হৈছে কামৰূপ জিলাৰ ৰঙিয়াত । ২১ জনীয়া দলটোৱে ৩০ আগষ্টত এই ৰেলী শিলিগুৰিত সমাপ্ত কৰিব । ১৬ দিনৰ ভিতৰত ৮৬২ কিলোমিটাৰ যাত্ৰা সামৰণি পৰাৰ পাছত শিলিগুৰিৰ পৰা আন এটা দলে দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিব ।

ৰঙিয়াত ITBPৰ ২১ জনীয়া চাইকেল ৰেলীৰ দল

আইটিবিপিৰ দলটোৱে ৰঙিয়াত উপস্থিত হৈ নিজৰ অনুভৱ ব্যক্ত কৰাৰ লগতে কয় যে, তেওঁলোকে দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ উদ্দেশ্য হৈছে বিভিন্ন ধৰণে ৰাইজক সজাগ কৰা ।

কৰ'ণা (Corona) সম্পৰ্কীয় সজাগতাৰ লগতে ফিট ইণ্ডিয়া (FIT India), স্বচ্ছ ভাৰত (Swachh Bharat) আদি আঁচনি সন্দৰ্ভতো ৰাইজক সজাগ কৰাৰ চেষ্টা কৰা হৈছে । দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যৰে জোৱানসকলে এই ৰেলীত অংশগ্ৰহণ কৰিও ভাতৃত্ববোধৰ আন এক বাৰ্তা প্ৰেৰণ কৰাৰ চেষ্টা কৰা হৈছে বুলি জোৱানসকলে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :সামৰণি পৰিল তিনিদিনীয়া জন আশীৰ্বাদ যাত্ৰাৰ

ABOUT THE AUTHOR

...view details