অসম

assam

ETV Bharat / state

বৰনৈ কোটিটকীয়া জলসিঞ্চন আঁচনিৰ পৰা ৰাইজে নাপালে এটোপাল পানী - বাইহাটা

জলসিঞ্চন বিভাগৰ কামৰূপ জিলাৰ শুক্লাই সংমণ্ডলৰ অধীনত 2011 চনতে নিৰ্মাণ কৰা কোটিটকীয়া জলসিঞ্চন আঁচনিখনৰ পৰা কৃষক ৰাইজে নাপালে এটোপাল পানী ৷ শীঘ্ৰেই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি কৃষক ৰাইজক উপকৃত কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

Irrigation Scheme Scandal At Baihata, Kamrup District
বৰনৈ কোটিটকীয়া জলসিঞ্চন আঁচনিৰ পৰা ৰাইজে নাপালে এটোপাল পানী

By

Published : Jun 17, 2021, 7:50 PM IST

বাইহাটা,17 জুন: ৰাজ্য চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ হৈছে জলসিঞ্চন বিভাগ ৷ এই জলসিঞ্চন বিভাগটোৱে কৃষক ৰাইজৰ বাবে কোটি কোটি টকীয়া আঁচনি গ্ৰহণ কৰিছে যদিও প্ৰায়সংখ্যক আঁচনিতে বিয়াগোম কেলেংকাৰী তথা উপযুক্ত স্থানত নিৰ্মাণ নকৰাৰ বাবেই কৃষক ৰাইজ উপকৃত নোহোৱা বুলি বিভিন্ন বাতৰি বিভিন্ন সময়ত প্ৰকাশ পাই আহিছে ৷

ঠিক একেদৰে কামৰূপ জিলাৰ দৰং সীমান্তৰ বৰনৈতো 2011 চনতে জলসিঞ্চন বিভাগৰ শুক্লাই সংমণ্ডলৰ অধীনত ঔতলাত নিৰ্মাণ কৰিছিল এটা জলসিঞ্চন আঁচনি ৷ কিন্তু আঁচনি খন গ্ৰহণ কৰিছিল ঠিকেই ৷ কিন্তু প্ৰায় 10 টা বছৰ উকলি যোৱাৰ পিছতো আজিলৈকে আঁচনিখনৰ পৰা এটোপাল পানী নাপালে বুলি সাংবাদিকৰ আগত অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

বৰনৈ কোটিটকীয়া জলসিঞ্চন আঁচনিৰ পৰা ৰাইজে নাপালে এটোপাল পানী

প্ৰায় পাঁচ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জলসিঞ্চন আঁচনিৰ পৰা কৃষক ৰাইজৰ কোনো উপকৃত হোৱা নাই ৷ এই সন্দৰ্ভত সেই সময়ৰ জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাক এই বিষয়ে অৱগত কৰাৰ পিচতো কোনো সুফল নাপালে বুলি আন এক গুৰুতৰ অভিযোগ তুলিছে ৰাইজে । আনহাতে, আঁচনিখন যিটো স্থানত নিৰ্মাণ কৰা হৈছে, তাত কোনো কোনো স্থানত এতিয়াও মঠাউৰি নিৰ্মাণ হোৱা নাই ৷ লগতে আঁচনিখন যিটো স্থানত নিৰ্মাণ কৰিছে সেই ঠাইডোখৰ অতি নিম্ন স্থানত হোৱাৰ বাবে কৃষক ৰাইজ উপকৃত হোৱা নাই বুলি আন এটা অভিযোগ তুলিছে ৰাইজে ৷

চৰকাৰে কোটি-কোটি টকা খৰচ কৰি জলসিঞ্চন আঁচনি খন নিৰ্মাণ কৰিছে যদিও আঁচনিখনৰ পৰা কোনো সুফল নোপোৱাত বছৰ বছৰ ধৰি বৰষুণৰ পানীৰেই খেতি কৰি থাকিবলগীয়া হৈছে অঞ্চলটোৰ কৃষক ৰাইজে ৷ অতি শীঘ্ৰেই এই আঁচনিখন তদাৰক কৰাৰ লগতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি কৃষক ৰাইজক উপকৃত কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক-বড়োধানৰ খেতিৰে ভৱিষ্যতৰ সোনোৱালী সপোন ৰছিছে নৈ পৰীয়া কৃষকে

ABOUT THE AUTHOR

...view details