অসম

assam

ETV Bharat / state

আঁচনি থাকিও কৃষিৰ প্ৰয়োজনীয় পানী লাভ কৰা নাই মাহতলিবাসীয়ে - ৰঙিয়া তুলসীবাৰী

ৰঙিয়াৰ তুলসীবাৰীৰ মাহতলিত ভালুকৰ সাঙীত পৰিণত হৈছে জলসিঞ্চন বিভাগৰ কোটিটকীয়া অভিলাষী আঁচনি ৷ ৰাজ্যৰ ভিতৰতে অকৰ্মণ্য বিভাগ হিচাপে পৰিচিত হৈছে জলসিঞ্চন বিভাগ ৷ এই অভিযোগ তুলসীবাৰীবাসীৰ ৷

irrigation deparment fails to meet public needs
ভালুকৰ সাঙীত পৰিণত মাহতলিৰ জলসিঞ্চন আঁচনি

By

Published : Jul 28, 2021, 8:34 PM IST

ৰঙিয়া, 28 জুলাই :ক্ৰমাৎভালুকৰ সাঙীত পৰিণত হৈছে জলসিঞ্চন বিভাগ(Irrigation Deparment)ৰ কোটিটকীয়া অভিলাষী আঁচনি ৷ অঞ্চলবাসীৰ অভিযোগ ৰাজ্যৰ ভিতৰতে অকৰ্মণ্য বিভাগটো হৈছে জলসিঞ্চন বিভাগ(Irrigation Deparment) ৷ কোটিটকীয়া আঁচনি পৰি ৰৈছে পৰিত্যক্ত অৱস্থাত ৷

তুলসীবাৰীৰ মাহতলিবাসীৰ অভিযোগ, খেতিয়কৰ পৰিৱৰ্তে লাভৱান হৈছে ঠিকাদাৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, চৰকাৰে কোটি টকা খৰচ কৰাৰ পিছতো মাহতলি জলসিঞ্চন আঁচনিৰ পৰা কৃষি কৰ্মৰ বাবে খেতিয়কে লাভ কৰা নাই এটোপাল পানী । অঞ্চলটোৰ খেতি পথাৰত পানী যোগান ধৰাৰ উদ্দেশ্যে ১০ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল মাহতলি জলসিঞ্চন আঁচনি । কিন্তু বিগত প্ৰায় এবছৰৰ পৰা আঁচনিখন বিকল হৈ পৰি আছে ।

বগা হাতীত পৰিণত জলসিঞ্চন আঁচনি

আঁচনিখনৰ পকী নলী-নাদসমূহ ইতিমধ্যে জহি-খহি গৈছে । খেতিয়কসকলে আঁচনিখনৰ জৰিয়তে পৰ্যাপ্ত পানী লাভ কৰি কৃষি কাৰ্যত অধিক লাভান্বিত হ’ব বুলি আশা কৰা হৈছিল । কিন্তু বিভাগীয় বিষয়া আৰু ঠিকাদাৰৰ চূড়ান্ত গাফিলতি আৰু দুৰ্নীতিৰ বাবে এই আঁচনি বগাহাতীত পৰিণত হৈছে ।

বিকল হৈ পৰি ৰোৱা আঁচনিখন সময়ে সময়ে মেৰামতি কৰা হয় যদিও পানীহে নাপায় খেতিয়কসকলে । এই অভিযোগ কৃষকসকলৰ ৷ পানীৰ অভাৱত কৃষি পথাৰসমূহ খেতিৰ অনুপযোগী হৈ পৰিছে । ইতিমধ্যে খেতি পথাৰৰ বহু ঠাইত চিৰাল ফাঁট মেলিছে ।

খৰালি ৰবি শস্য, বড়ো ধানৰ খেতিৰ পিছত বৰ্তমান শালি খেতিৰ বাবেও আহুকাল হৈছে কৃষকসকলৰ । এই আঁচনিখনৰ জৰিয়তে দৰিদ্ৰ খেতিয়কৰ পৰিৱৰ্তে বিষয়া আৰু ঠিকাদাৰসকলেহে মুনাফা আদায় কৰা বুলি খেতিয়কসকলে ক্ষোভ উজাৰিছে । এই সন্দৰ্ভত স্থানীয় কৃষকসকলে কেইবাবাৰো জলসিঞ্চন বিভাগক অৱগত কৰিছে যদিও বৰ্তমানলৈ কোনোধৰণৰ ইতিবাচক সঁহাৰি লাভ কৰা নাই ।

ভালুকৰ সাঙীত পৰিণত মাহতলিৰ জলসিঞ্চন আঁচনি

উল্লেখ্য যে, বৰ্তমানৰ বিধায়ক ভৱেশ কলিতাই যোৱাটো কাৰ্যকালত খোদ জলসিঞ্চন মন্ত্ৰী হৈ থকাৰ পিছতো আঁচনিখন কাৰ্যক্ষম কৰিব নোৱাৰিলে । যাৰ বাবে চৰকাৰ তথা ৰঙিয়াৰ বিধায়ক গৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে খেতিয়কসকলে । দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা চৰকাৰৰ দিনতে পোহৰলৈ আহিছে দুৰ্নীতি(Corruption)ৰ নানান তথ্য ৷ তুলসীবাৰীৰ জনসিঞ্চন আঁচনি(Irrigation Deparment)ত সংঘটিত হোৱা দুৰ্নীতিয়ে তাকে প্ৰতীয়মান কৰিছে ৷

লগতে পঢ়ক:পঞ্চায়তে নিৰ্মাণ কৰা আঁচনিয়ে উদঙালে জলসিঞ্চন বিভাগৰ ফোঁপোলা স্বৰূপ

ABOUT THE AUTHOR

...view details