অসম

assam

ETV Bharat / state

মথাউৰি নিৰ্মাণৰ নামত হাজোত চৰম বিসংগতি

শেহতীয়াভাবে হাজোস্থিত জলসম্পদ বিভাগে SDRF আঁচনিৰ অধীনত প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে গৰাখহনীয়া ৰোধৰ বাবে জিঅ' বেগৰ ব্যৱস্থা কৰিছিল যদিও এই কামত অলপো সন্তুষ্ট নহয় নৈপৰীয়া অঞ্চলটোৰ ৰাইজ ।

মথাউৰি নিৰ্মাণৰ নামত হাজোত চৰম বিসংগতি

By

Published : Jun 14, 2019, 7:18 PM IST

হাজো, 14 জুন : হাজোৰ সাতদলাত জনতাৰ ৰুদ্ৰমূৰ্তি । ৰাইজৰ ৰোষত জলসম্পদ বিভাগৰ ঠিকাদাৰ । ক্ষুদ্ধ ৰাইজে বাহন আৱদ্ধ কৰি বাহনৰ পৰা নৈত দলিয়ালে জিঅ' বেগ । গৰাখহনীয়া ৰোধৰ কাম সম্পূৰ্ণ নকৰাকৈ ঠিকাদাৰে নিজৰ বয়-বস্তু সামৰি লৈ যাব ওলোৱা ঘটনাত ক্ষুব্ধ স্থানীয় ৰাইজ৷

মথাউৰি নিৰ্মাণৰ নামত হাজোত চৰম বিসংগতি

হাজোৰ সাতদলাবাসীৰ এক দীৰ্ঘদিনীয়া সমস্যা পুঠিমাৰী নৈৰ গৰাখহনীয়া । শেহতীয়াভাবে হাজোস্থিত জলসম্পদ বিভাগে SDRF আঁচনিৰ অধীনত প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে গৰাখহনীয়া ৰোধৰ বাবে জিঅ' বেগৰ ব্যৱস্থা কৰিছিল যদিও এই কামত অলপো সন্তুষ্ট নহয় নৈপৰীয়া অঞ্চলটোৰ ৰাইজ । ৰাইজে দৈনিক অহা যোৱা কৰা মথাউৰিৰ আধা অংশ খান্দি জিঅ' বেগত ভৰাই মথাউৰিটো পুনৰ খনন কৰাত ঠিকাদাৰৰ লগতে হাজোৰ জলসম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ বিৰুদ্ধে অগ্নিশৰ্মা স্থানীয় ৰাইজ । জিঅ' বেগত এক বিশেষ বালি মাটি ভৰাব লাগে যদিও ঠিকাদাৰে লাভৰ অংকত মথাউৰিৰ মাটিকে কাটি জিঅ' বেগত ভৰাই বিসংগতিপূৰ্ণ ভাৱে আঁচনি ৰূপায়ন কৰিবলৈ ওলোৱাত ক্ষুব্ধ হৈ পৰে সাতদলাবাসী ৰাইজ৷

ABOUT THE AUTHOR

...view details