নিউজ ডেস্ক, 1 মে’ : পহিলা মে'ৰ দিনটো বিশ্বজুৰি মে’ দিৱস অথবা শ্ৰমিক দিৱস হিচাপে পালন কৰে ৷ শ্ৰমিকসকলে প্ৰতিদিনে গড়ে 10 ৰ পৰা 12 ঘন্টা শ্ৰম কৰাৰ বিপৰীতে 8 ঘন্টা কৰাৰ দাবীত 1886 চনৰ 1 মে’ত চিকাগো চহৰত আন্দোলন কৰিছিল একাংশ শ্ৰমিকে ৷ সেই সকল শ্ৰমিকৰ ওপৰত চলা গুলীচালনাত ছহিদ হৈছিল ১১ জন শ্ৰমিক ৷ ইয়াৰোপৰি সেই বিশেষ দিনটোত সংঘটিত হৈছিল আন কেতবোৰ ঘটনা ৷
পৰৱৰ্তী সময়ত এই দিনটোৰ লগত সংগতি ৰাখি যুক্তৰাষ্ট্ৰ অথবা কানাডাৰ বাহিৰে প্ৰায় সকলো দেশতে 1 মে’ দিনটো শ্ৰমিক দিৱস অথবা মে’ দিৱস হিচাপে পালন কৰি অহা হৈছে (International Labour Day) ৷ সমগ্ৰ ভাৰতৰ লগতে অসমৰো ভিন্ন প্ৰান্তত এইবাৰো পালন কৰা হয় মে’ দিৱস ৷
ৰঙিয়া: ৰঙিয়াতো শ্ৰমিক দিৱস পালন কৰা হয় । ৰঙিয়া উৰণীয়া সেতুৰ তলত দিনৰ ১১ বজাৰ পৰা বামপন্থী দলসমূহে ৰূপায়ন কৰা মে' দিৱসৰ কাৰ্যসূচীত বামপন্থী দলৰ বিষয়ববীয়াৰ লগতে কৰ্মকৰ্তাসকল উপস্থিত থাকে । সভাত শ্ৰমিক নেতাসকলে শ্ৰমিকৰ ন্যাৰ্য অধিকাৰ আৰু শ্ৰমিকৰ সুৰক্ষা সন্দৰ্ভত ভাষণ ৰাখে ।
শ্ৰমিক দিৱসৰ উক্ত কাৰ্যসূচীত ৰেলৱে’ মজদুৰ ইউনিয়ন, এন ই পি ই, জি ডি আই ই এ, নিৰ্মাণ শ্ৰমিক সন্থা, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আৰু সহায়িকা, মধ্যহ্ন ভোজন শ্ৰমিক সন্থা, এছ এফ আই, ডি ওৱাই এফ আই, কৃষক সভা, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, ৰেলৱে’ চাফাই কৰ্মী আৰু চি আই টি ইউ য়ে অংশগ্ৰহণ কৰে (Labour Day celebrates at Rangia)।
হোজাই: হোজাইতো পূৰ্বৰ দৰেই Centre of Indian Trade Unions চমুকৈ চি.আই. টি. ইউ হোজাই জিলা সমিতিৰ উদ্যোগত শ্ৰমিক দিৱস পালন কৰা হয় ৷ হোজাইৰ গবিন্দ্ৰ নগৰত থকা চি.আই. টি. ইউৰ মুখ্য কাৰ্যালয়ত পতাকা উত্তোলন কৰে চি.আই. টি. ইউৰ হোজাই জিলাৰ সভাপতি চিত্ৰৰঞ্জন দাসে ।