ছয়গাঁও, 20 চেপ্তেম্বৰঃছয়গাঁৱৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চৰম অৰাজকতাৰ অভিযোগ ৷ মহকুমা স্বাস্থ্য বিষয়া আৰু চিকিৎসক-কৰ্মচাৰীৰ অনিয়মীয়া উপস্থিতিত অতিষ্ঠ ৰাইজ ৷ শুকুৰবাৰে একাংশ সাংবাদিকে স্বাস্থ্য কেন্দ্ৰটোত চলোৱা এক অভিযানত উন্মোচিত হয় কেতবোৰ অনিয়মৰ লগতে চিকিৎসালয় খনত চলি থকা চৰম অৰাজকতাৰ তথ্য ৷
উল্লেখযোগ্য যে ছয়গাঁৱৰ গোৱৰ্ধনত অৱস্থিত ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু গ্ৰাম্য চিকিৎসালয়খনৰ পৰিচালনাৰ ক্ষেত্ৰত মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰাধাচৰণ দাসে গাফিলতি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইয়াৰ লগতে চিকিৎসক কৰ্মচাৰীৰ বিৰুদ্ধেও চৰম অনিয়ম তথা পলমকৈ স্বাস্থ্য কেন্দ্ৰত উপস্থিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ৰাজহুৱা অভিযোগৰ ভিত্তিতে ছয়গাঁৱৰ সাংবাদিকৰ এটি দল শুকুৰবাৰে পুৱা 8.30 বজাত উপস্থিত হৈছিল স্বাস্থ্য কেন্দ্ৰটোত ৷ চৰকাৰী নিয়ম মতে 8.30 বজাত চিকিৎসক আৰু আন আন কৰ্মচাৰী চিকিৎসালয়ত উপস্থিত থাকিব লাগে যদিও 9 বজাৰ পিচত উপস্থিত হয় এগৰাকী চিকিৎসা কৰ্মীৰ লগতে ফাৰ্মাচিষ্ট গৰাকী ৷