আজাৰা, 5 আগষ্ট:ৰাজ্যত অব্যাহত থকা কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন পন্থা ৷ বিশেষকৈ ৰাজ্যৰ প্ৰতিখন জিলাত ক'ভিড ৰোগীসকলক আছুতীয়াকৈ ৰাখি চিকিৎসা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে ৷ চাফ-চিকুণতাক মূলমন্ত্ৰ হিচাপে গ্ৰহণ কৰি চৰকাৰখনে কৰ’ণা মহামাৰীক নিৰ্মূল কৰাৰ বাবে ব্যয় কৰিছে ৰাজকোষৰ ধন ৷ তেনেস্থলত স্বাস্থ্য কৰ্মীসকলেও সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি কৰ’ণা ৰোগীক সুস্থ কৰি তোলাৰ চেষ্টাত ব্ৰতী হৈ আছে ৷ কিন্তু ইয়াৰ মাজতে ৰাজ্যৰ এখন ক'ভিড চিকিৎসালয়ত সংঘটিত হৈছে এক বৃহৎ অঘটন ৷
কৰ’ণা ৰোগীৰ খাদ্যত ওলাল কুমজেলেকুৱা
দক্ষিণ কামৰূপৰ বঙৰাস্থিত পতঞ্জলি ক'ভিড চিকিৎসালয়ত সংঘটিত হৈছে এই এক ঘটনা ৷ কৰ’ণা ৰোগীৰ বাবে মঙলবাৰে নিশা যোগান ধৰা খাদ্যৰ পেকেটত ওলাল এডাল কুমজেলেকুৱা ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয়খনত সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতি ৷
কৰ’ণা ৰোগীৰ খাদ্যত কুমজেলেকুৱা
দক্ষিণ কামৰূপৰ বঙৰাস্থিত পতঞ্জলি কোভিড চিকিৎসালয়ত সংঘটিত হৈছে এই এক ঘটনা ৷ কৰ’ণা ৰোগীৰ বাবে মঙলবাৰে নিশা যোগান ধৰা খাদ্যৰ পেকেটত ওলাল এডাল কুমজেলেকুৱা ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয়খনত সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতি ৷ কাৰ গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হ’বলৈ পালে তাকে কেন্দ্ৰ কৰি চিকিৎসালয়খনত ৰোগীসকলে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে ৷
লগতে চাওকঃএক্সেল কেয়াৰ চিকিৎসালয়ৰ বিৰুদ্ধে কৰ’ণাৰ নামত ব্যৱসায়ৰ অভিযোগ