ৰঙিয়া,23 আগষ্ট: ৰঙিয়া ৰেল ষ্টেচন চৌহদত সংঘটিত হৈছে এক অমানৱীয় কাণ্ড ৷ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু যন্ত্ৰণাত চটফটাই থকা এজন যুৱকক চিকিৎসা কৰিবলৈ অমান্তি ৰেলৱে হাস্পতালৰ ৷ যাৰ বাবে যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে যুৱকজনৰ পৰিয়ালে । আনকি সংকটজনক অৱস্থাত নলা এটাত পৰি থকা যুৱকজনক অন্য চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰতো ৰেলৱে হাস্পতালৰ স্বাস্থ্য কৰ্মীয়ে বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ৰেলৱে হাস্পতালৰ এনে অমানৱীয় কাণ্ডত ক্ষুব্ধ হৈছে স্থানীয় ৰাইজ ৷
প্ৰাপ্ত খবৰ মতে, মৃত যুৱকজন হৈছে ৰঙিয়া ষ্টেচন ৰোডৰ 30 বছৰীয়া যুৱক অনুকূল দাস ৷ মৃতকৰ মাতৃ আৰু পত্নীয়ে অভিযোগ কৰা মতে, পুৱা ঘৰৰ পৰা ওলাই অহা অনুকূলে ৰঙিয়া ৰেলৱে পলিক্লিনিক হাস্পতালৰ সমীপত হঠাৎ অসুস্থ হৈ এটি নলাত পৰি যায় ৷ এই বিষয়ে পৰিয়াল অৱগত হোৱাত ততালিকে যুৱকজনৰ মাতৃ আৰু পত্নী দুৰ্ঘটনাস্থলীত উপস্থিত হয় ৷ মাতৃ আৰু পত্নীয়ে সংকটজনক অৱস্থাত যুৱকজনক তাৎক্ষণিক চিকিৎসা কৰাৰ বাবে সমীপতে থকা হাস্পতালত কৰ্তবৰত স্বাস্থ্য কৰ্মীক আহ্বান জনায় ৷
কিন্তু তেওঁলোকে এইয়া ‘পুলিচ কেচ’ বুলি কৈ চিকিৎসা কৰিবলৈ অমান্তি হয় ৷ আনকি মাতৃয়ে ৰেলৱে হাস্পতলখনত গৈ হাতযোৰ কৰি অসুস্থ পুত্ৰৰ চিকিৎসাৰ বাবে কাকূতি-মিনতি কৰে যদিও যুৱকজনৰ চিকিৎসা কৰাৰ পৰা বিৰত থাকে ৰেলৱে হাস্পতালত কৰ্মৰত চিকিৎসা কৰ্মী সকল ৷