ৰঙিয়া, ২ আগষ্ট :সমগ্ৰ দেশৰ লগতে ৰঙিয়া মহকুমাতো দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে (75th Independence day of India) । এই উপলক্ষে মঙলবাৰে ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ত এক প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হয় (Independence Day preparatory meeting at rangia subdivision office) । কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা ৰঙিয়াৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জাৱিৰ ৰাহুল সুৰেশৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকত সমাগত স্বাধীনতা দিৱস কেনেদৰে অনুষ্ঠিত কৰা হ'ব, সেই বিষয়ে বিতংভাৱে আলোচনা কৰা হয় ।
কাৰ্যসূচীসমূহ সূচাৰুৰূপে আগুৱাই নিবলৈ প্ৰতিটো বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক নিজা নিজা দায়িত্ব সুকলমে পালন কৰিবলৈ মহকুমাধিপতিগৰাকীয়ে আহ্বান জনায় (Rangia subdivision administration central Independence Day programme) । উল্লেখযোগ্য যে বিগত বছৰবোৰৰ দৰে এইবাৰো ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মহকুমা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব (Independence Day programme at rangia higher secondary school ground) ।
অনুষ্ঠানত অসম আৰক্ষীৰ লগতে সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ কেইবাটাও দলৰ লগতে বিভিন্ন বিদ্যালয়ৰ উপৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কুচকাৱাজ প্ৰদৰ্শন কৰিব । বিগত বছৰত ক'ভিডৰ আতংকৰ বাবে সাংস্কৃতিক কাৰ্যসূচীসমূহ বাতিল কৰা হৈছিল যদিও এইবাৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ বাবে বিভিন্ন সাংস্কৃতিক দলৰ অংশগ্ৰহণেৰে এক বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ'ব । ইয়াৰ উপৰি এইবেলি মহকুমা প্ৰশাসনৰ উদ্যোগত বিদ্যালয়সমূহৰ ছাত্র-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন, ৰচনা আদি বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে । লগতে ৰঙিয়া মহকুমা প্ৰশাসনে তিনিদিন পূৰ্বৰে পৰা ৰাইজৰ মাজত বিভিন্ন প্ৰতিযোগিতা তথা সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শনৰ পদক্ষেপ গ্ৰহণ কৰিছে ।