ৰঙিয়া, 15 আগষ্ট: সমগ্ৰ দেশজুৰি শনিবাৰে অনুষ্টুপীয়াকৈয়ে উদযাপিত হ'ল স্বাধীনতা দিৱস ৷ কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি 74 সংখ্যক স্বাধীনতা দিসৱৰ বাবে প্ৰশাসনে জাৰি কৰিলে সীমাবদ্ধতা ৷ ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি ডঃ বেদাংগ তালুকদাৰে ৷ মহকুমাধিপতি গৰাকীয়ে পতাকা উত্তোলনৰ পাচত দিয়া ভাষণত ৰঙিয়া মহকুমাৰ প্ৰতিটো বিভাগৰ উন্নয়নমুলক কাম-কাজ তথা আঁচনি সমূহৰ এক খতিয়ান দাঙি ধৰে ৷ তাৰ পাচতেই মহকুমাধিপতি গৰাকীয়ে অসম আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰে ৷
ৰঙিয়াত অনুষ্টুপীয়াকৈ পালন 74 সংখ্যক স্বাধীনতা দিৱস - ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰ
ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি ডঃ বেদাংগ তালুকদাৰে ৷
![ৰঙিয়াত অনুষ্টুপীয়াকৈ পালন 74 সংখ্যক স্বাধীনতা দিৱস 74 সংখ্যক স্বাধীনতা দিৱস](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8427047-thumbnail-3x2-ll.jpg)
74 সংখ্যক স্বাধীনতা দিৱস