অসম

assam

ETV Bharat / state

বনকৰ্মীৰ খাদ্য ভাট্টা ১২০০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি

মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাত বনকৰ্মীৰ মাহিলী খাদ্য ভাট্টা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল । সেই অনুসৰি জুন মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ বনকৰ্মীৰ খাদ্য ভাট্টা বৃদ্ধি কৰা হৈছে ।

forest workers
বনকৰ্মীৰ খাদ্য ভাট্টা ১২০০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি

By

Published : Jun 13, 2021, 11:40 AM IST

গুৱাহাটী, ১৩ জুন : মুখ্যমন্ত্রীয়ে ঘোষণা কৰা অনুসৰি বনকৰ্মীৰ মাহিলী খাদ্য ভাট্টা বৃদ্ধি কৰা হ'ল । কাজিৰঙা(Kaziranga)ত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা(Chief Minister Himanta Biswa Sarma)ই বনকৰ্মীৰ মাহিলী খাদ্য ভাট্টা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল । সেই অনুসৰি, জুন মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ বনকৰ্মীৰ খাদ্য ভাট্টা ১২০০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি কৰা হৈছে । এই সন্দৰ্ভত বিভাগীয় জাননী জাৰি কৰা হৈছে ।

বনকৰ্মীৰ খাদ্য ভাট্টা ১২০০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি

ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি ছ'চিয়েল মিডিয়া(Social Media)ৰ যোগে বনকৰ্মীৰ খাদ্য ভাট্টা বৃদ্ধি কৰাৰ কথা সদৰী কৰিছে । উল্লেখ্য় যে, ছ'চিয়েল মিডিয়াযোগে মুখ্যমন্ত্রীয়ে বন্যপ্ৰাণীৰ সুৰক্ষা(Wildlife protection)ৰ ক্ষেত্রত বনকৰ্মীসকলে উল্লেখযোগ্য ভূমিকা পালন কৰি অহাৰ কথাও সদৰী কৰিছে ।

লগতে পঢ়ক : অসমত কিমান দূৰ ফলপ্ৰসু হৈছে অনলাইন শিক্ষা ব্যৱস্থা

ABOUT THE AUTHOR

...view details