গুৱাহাটী, 29 জুন: ৰাজ্যত অব্যাহত থকা ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে ভয়াৱহ ভাৱে বৃদ্ধি পাইছে বিভিন্ন অপৰাধীজনিত ঘটনা ৷ ক'ভিড সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে জাৰি কঠোৰ নীতি তথা লক ডাউনৰ সুযোগ গ্ৰহণ কৰি বিভিন্ন ধৰণৰ দুস্কাৰ্য সংঘটিত কৰিছে একাংশ দুষ্ট লোকে ৷ ইয়াৰ মাজতে ৰাজ্যত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে যৌন নিৰ্যাতন তথা ধৰ্ষণৰ ঘটনা ৷ দেওবাৰে নিশা গুৱাহাটীৰ সাতগাঁৱতো সংঘটিত হৈছে এনে এক জঘন্য ঘটনা ৷
প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে নিশা প্ৰায় 12 বজাত সংঘটিত হয় এই জঘন্য ঘটনা ৷ প্ৰস্বাৱগাৰৰ পৰা এগৰাকী 16 বছৰীয়া কিশোৰীক মুখত সোপা দি নিজৰ ঘৰলৈ নি এই দুস্কাৰ্য সংঘটিত কৰে এজন স্থানীয় যুৱকে ৷ এই ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ সাতগাঁৱৰ মিলিজুলি পথত৷ ঘটনা সংঘটিত কৰা যুৱক জনৰ নাম আমিনুল হক বুলি প্ৰকাশ কৰিছে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে ৷
ৰাজ্যত পুনৰ কিশোৰীক ধৰ্ষণৰ জঘণ্য ঘটনা ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ মাতৃয়ে সাতগাঁও থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নিশাই সাতগাঁৱৰ মিলিজুলি পথৰ পৰা লম্পট যুৱকজনক গ্ৰেপ্তাৰ কৰে ৷ লম্পট যুৱকজনৰ বিৰুদ্ধে সাতগাঁও আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ অধীনত 376 আৰু শিশু সুৰক্ষা আইনৰ 2012 আইনৰ 4 নং ধাৰাৰ অধীনত থানাত 180/21 নম্বৰত এক গোচৰ ৰুজু কৰিছে ৷ অধিক তথ্যৰ বাবে যুৱকজনক সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
উল্লেখ্য যে, বিগত কেইটামান দিনত ৰাজ্যৰ বিভিন্ন স্থানত সংঘটিত হৈছে কেইবাটাও ধৰ্ষণৰ ঘটনা ৷ আনকি ধৰ্ষণৰ গোচৰত অভিযুক্ত হৈ ৰঙাঘৰৰ আলহী হৈছে ডিব্ৰুগড়ৰ দুজনকৈ চিকিৎসক ৷ ধৰ্ষণৰ গোচৰত সোমবাৰে ডিব্ৰুগড় আৰক্ষীয়ে কাৰাগাৰলৈ প্ৰেৰণ কৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসকক ৷
লগতে পঢ়কঃৰাজ্যত পুনৰ মহিলা চিকিৎসকক যৌন নিৰ্যাতন সতীৰ্থৰ