অসম

assam

ETV Bharat / state

আন্তঃজিলা বাছ চলাচল বন্ধ ৰখাক লৈ ক্ষোভিত ৰঙিয়াৰ বাছ চালক-হেণ্ডিমেন - যাত্ৰীবাহী বাছৰ যাতায়াত অব্যাহত থকাৰ অভিযোগ

ধনৰ বিনিময়ত একাংশ যাত্ৰীবাহী বাছক আন্তঃজিলা যাতায়াতৰ অনুমতি দিয়াৰ ভংয়কৰ অভিযোগ উত্থাপন কৰিছে ৰঙিয়াৰ বেচৰকাৰী বাছৰ চালকসকলে । নলবাৰী, বৰপেটা, কোকৰাঝাৰ জিলাৰ পৰা যাত্ৰীবাহী বাছৰ যাতায়াত অব্যাহত থকাৰ অভিযোগ উত্থাপিত হৈছে । সেয়ে, প্ৰশাসনৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈ পৰিছে ৰঙিয়াৰ বেচৰকাৰী বাছৰ চালক আৰু হেণ্ডিমেনসকল ।

Impact of ban on Inter district bus service
আন্তঃজিলা বাছ চলাচল বন্ধ ৰখাক লৈ ক্ষোভিত ৰঙিয়াৰ বাছ চালক-হেণ্ডিমেন

By

Published : Aug 18, 2021, 6:49 PM IST

ৰঙিয়া, ১৮ আগষ্ট: মঙলবাৰে এখন নতুন এছ অ' পি প্ৰকাশ কৰি ব্যক্তিগত যানবাহনৰ বাবে আন্তঃজিলা যাতায়াত খোলা দিয়া হৈছে ৷ কিন্তু এই ক্ষেত্ৰত যাত্ৰীবাহী বাছবোৰে কোনো সকাহ পোৱা নাই । পূৰ্বৰ দৰে বন্ধ হৈ আছে বাছ যাত্ৰা । কিন্তু ৰঙিয়াৰ বেচৰকাৰী বাছৰ চালক আৰু হেণ্ডিমেনসকলে অভিযোগ উত্থাপন কৰা মতে, ধনৰ বিনিময়ত একাংশ যাত্ৰীবাহী বাছক আন্তঃজিলা যাতায়ত কৰিবলৈ অনুমতি দিয়া হৈছে ।

তেওঁলোকৰ অভিযোগ অনুসৰি, ৰঙিয়াৰ উদিয়ানা, নলবাৰীৰ বিলপাৰত আন্তঃজিলা যাতায়তৰ নিৰীক্ষণৰ বাবে যি তালাচী চকী স্থাপন কৰা হৈছে, সেই আৰক্ষী তালাচী চকী অতিক্ৰম কৰি নলবাৰী, বৰপেটা, কোকৰাঝাৰ বা অন্য জিলাৰ বাছবোৰ যাতায়াত কৰি আছে । কিন্তু ৰঙিয়াৰ বাছবোৰক এই তালাচী চকীসমূহ অতিক্ৰম কৰিবলৈ দিয়া হোৱা নাই বুলি চালক-হেণ্ডিমেনসকলে অভিযোগ তুলিছে । চালকসকলে সহায় বিচাৰি আৰক্ষী-প্ৰশাসনৰ কাষ চাপিছে যদিও কোনো সঁহাৰি লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে । বৰপেটা, নলবাৰী জিলাৰ বাছবোৰে ৰঙিয়াত থকা যাত্ৰীসকলক লৈ যোৱা বাবে ৰঙিয়াৰ বাছ চালকসকলে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে ।

আন্তঃজিলা বাছ চলাচল বন্ধ ৰখাক লৈ ক্ষোভিত ৰঙিয়াৰ বাছ চালক-হেণ্ডিমেন

উল্লেখ্য যে, ক'ভিডসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰায় চাৰি মাহ ধৰি আন্তঃজিলা যাতায়ত বন্ধ হৈ থকাৰ বাবে এই চালক-হেণ্ডিমেনসকলৰ জীৱিকা নিৰ্বাহৰ বাট বন্ধ হৈ পৰিছে আৰু তেওঁলোকে বৰ্তমান আৰ্থিক সংকটৰ সন্মুখীন হৈছে ।

পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰতো অসুবিধাত পৰিছে এই চালকসকল । এতিয়া উপায়বিহীন হৈ পৰিছে এই চালক-হেণ্ডিমেনসকল । ৰঙিয়াৰ প্ৰায় ডেৰশ বাছ চালকে ই টিভিৰ জৰিয়তে প্ৰশাসন তথা চৰকাৰক আহ্বান জনাইছে যে, আইন সকলোৰে বাবে যে সমান সেয়া কাৰ্যত প্ৰশাসনে প্ৰমাণ কৰক আৰু তেওঁলোককো উপাৰ্জনৰ বাবে সুবিধা প্ৰদান কৰক ।

লগতে পঢ়ক:চৰকাৰৰ Give & Take Policy নীতিৰ তীব্ৰ বিৰোধিতা কাৰ্বি সংগঠনৰ

ABOUT THE AUTHOR

...view details