ৰঙিয়া, 30 নৱেম্বৰ :ইটিভিৰ ভাৰতৰ বাতৰিৰ তাৎক্ষণিক প্ৰভাৱ পৰা পৰিলক্ষিত হ'ল ৰঙিয়াৰ গোপালপুৰত । 29 নৱেম্বৰত ইটিভি যোগে অঞ্চলটোৰ লাচি-বিষ্ণুপুৰৰ পৰা গোপালপুৰ সংযোগী দলংখনৰ বাতৰি সবিস্তাৰে সম্প্ৰচাৰ কৰা হৈছিল । দলংখনৰ কাম বিগত দহ মাহ ধৰি বন্ধ হৈ আছিল । লগতে, কাষতে থকা পুৰণা কাঠৰ দলংখনৰ অৱস্থা একেবাৰে তথৈবচ ফলত যথেষ্ট অসুবিধা হৈ আছে অঞ্চলটোৰ ৰাইজৰ ।
দলং নিৰ্মাণৰ কামটোৱে অগ্ৰগতি লাভ নকৰাৰ বাতৰি ইটিভি যোগে সম্প্ৰচাৰ হোৱাৰ পিচদিনাখনেই অৰ্ধনিৰ্মিত দলংখনৰ কাম পুনৰ আৰম্ভ কৰিছে ব্ৰাইট ইঞ্জিনীয়াৰ নামৰ ঠিকাদাৰী সংস্থাটোৱে । নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ হোৱাত ৰাইজে যথেষ্ট সন্তোষ প্ৰকাশ কৰিছে আৰু অনতিপলমে দলংখন সম্পূৰ্ণ হ'ব বুলি আশা প্ৰকাশ কৰিছে ।