ৰঙিয়া,13 ফেব্ৰুৱাৰীঃবিগত প্ৰায়21 বছৰেও সম্পূৰ্ণ ন’হল ৰঙিয়াৰ কণিহাৰ তৰুণ সংঘৰ প্ৰেক্ষাগৃহ ৷ কি অগপ চৰকাৰ, কি কংগ্ৰেছ চৰকাৰ, কি বিজেপি চৰকাৰ- কোনো এখন চৰকাৰেই সম্পূৰ্ণ কৰিব নোৱাৰিলে এই প্ৰেক্ষাগৃহটোৰ নিৰ্মাণৰ কাম ৷ প্ৰেক্ষাগৃহটোৰ নিৰ্মাণৰ বাবদ আৱণ্টিত কোটি কোটি টকা পানীত পৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
প্ৰাপ্ত তথ্য অনুসৰি, ২০১৮ চনত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই আধুনিক বিজ্ঞানসন্মত প্ৰেক্ষাগৃহটোৰ নিৰ্মাণৰ নামত প্ৰায় ১ কোটি টকাৰ অনুদান আগবঢ়াইছিল ৷ কিন্তু পৰিতাপৰ বিষয় যে, কোটি টকা অনুমোদন দিয়াৰ পাছতো বৰ্তমানলৈকে সম্পূৰ্ণ নহ’ল প্ৰেক্ষাগৃহটোৰ নিৰ্মাণৰ কাম ৷ প্ৰায় ৪০ শতাংশ কাম কৰিয়ে দায়িত্ব সামৰিলে ঠিকাদাৰে ৷ লক ডাউনৰ পূৰ্বৰ পৰাই বিভিন্ন মইমতালিৰে বন্ধ ৰাখিছে প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম । পৰিতাপৰ বিষয় যে, দীৰ্ঘদিন ধৰি আধুনিক বিজ্ঞানসন্মত প্ৰেক্ষাগৃহটোৰ নিৰ্মাণৰ কাম বন্ধ ৰখাত অ-সামাজিক কাম-কাজৰ আড্ডাস্থলী হিচাপেহে পৰিগণিত হৈছে ৷ আনহাতে প্ৰেক্ষাগৃহৰ ভিতৰচ’ৰাত হাবি-জংঘলৰে ভৰি পৰি বৰ্তমান ভূত বাংলালৈ পৰিণত হৈছে এই কোটি টকীয়া প্ৰকল্পটো ৷