বকো, 12 অক্টোবৰ: ছয়গাঁও আৰক্ষী থানাৰ অধীনস্থ গৰৈমাৰী আৰক্ষীৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ চোৰাং পনীয়া আমুল তাজা ৷ এক গোপন সুত্ৰৰ পম খেদি গৰৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমেন্দ্ৰ সিনহাই নেতৃত্ব দিয়া অভিযানকাৰী দলটোৱে ছয়গাঁৱৰ বিহাপাৰা গাঁৱৰ চুলতান আলীৰ ঘৰৰ পৰা ৭,৮০০ লিটাৰ চোৰাং পনীয়া আমূল তাজা জব্দ কৰিবলৈ সক্ষম হৈছে ৷
গৰৈমাৰীত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং আমুল তাজা - গৰৈমাৰী আৰক্ষীৰ অভিযান
আৰক্ষীৰ অভিযানকালত সামগ্ৰীখিনি মজুত ৰখা চুলতান আলী পলাতক অৱস্থাত আছিল বুলি আৰক্ষী সুত্ৰই প্ৰকাশ কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্ধৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
![গৰৈমাৰীত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং আমুল তাজা illegally-stocked-milk-seized](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9146088-thumbnail-3x2-boko.jpg)
গৰৈমাৰী আৰক্ষীয়ে জনোৱা মতে,জব্দকৃত পনীয়া আমুল তাজা খিনিৰ মুল্য প্ৰায় ৫ লাখ টকা ৷ কোনো অজ্ঞাত চোৰাং ব্যৱসায়ীয়ে ট্ৰাকসহ সামগ্ৰীখিনি চুৰি কৰি হাতীপাৰাৰ বিহাপাৰা গাঁৱৰ চুলতান আলীৰ ঘৰত মজুত ৰাখিছিল ৷ চোৰাং পনীয়া আমুল তাজাখিনিৰ প্ৰকৃত গৰাকীৰ সন্ধান বৰ্তমানলৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷ ইফালে আৰক্ষীৰ অভিযানকালত সামগ্ৰীখিনি মজুত ৰখা চুলতান আলী পলাতক অৱস্থাত আছিল বুলি আৰক্ষী সুত্ৰই প্ৰকাশ কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্ধৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ আনহাতে চুলতান আলীক অতি শীঘ্ৰেই আটক কৰা হব বুলি গৰৈমাৰী আৰক্ষীয়ে জানিবলৈ দিছে ৷
লগতে পঢ়ক: লংকাজান বন বিভাগৰ অভিযানত আটক ২ চোৰাং কাঠ সৰবৰাহকাৰী