অসম

assam

ETV Bharat / state

অবৈধ কাঠ-কয়লা ভৰ্তি ট্ৰাক পতিত হ’ল দুৰ্ঘটনাত - টাটা ডিআই

কামৰূপ জিলাত অব্যাহত অবৈধ চোৰাং ব্যৱসায় ৷ আৰক্ষীৰ মুখৰ আগৰে পাৰ হৈ যায় অবৈধ বনজ সম্পদ কঢ়িয়া বাহন ৷ আৰক্ষীৰ পহৰাৰ পৰা বাচিবলৈ গৈ দুঘটনাত পতিত বাহন ৷

ILLEGALLY CHARCOAL LADEN TRUCK ACCIDENT  AT BOKO
১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত অবৈধ কাঠ-কয়লা কঢ়িওৱা ট্ৰাক

By

Published : Oct 4, 2020, 7:46 AM IST

বকো,4 অক্টোবৰঃ কামৰূপ জিলাত অৱস্থিত পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত লামপাৰা বনখণ্ড কাৰ্যালয়ৰ পৰা প্ৰায় ২০০ মিটাৰ নিলগত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন টাটা ডিআই (AS 01AC 0218) বাহন ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা খাৱৈত বাগৰি পৰে। কথমপি ৰক্ষা পৰে বাহনখনৰ চালক।

১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত অবৈধ কাঠ-কয়লা কঢ়িওৱা ট্ৰাক

আনহাতে দুৰ্ঘটনাগ্ৰস্থ বাহনখনে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে অবৈধ কাঠ-কয়লা লামপাৰা বনখণ্ড কাৰ্যালয়ৰ সন্মুখেৰে বকো অভিমুখে কঢ়িয়াই আনি থকা অৱস্থাত পতিত হয় দুৰ্ঘটনাত। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্থ বাহনখনক নৈশ পহৰাত থকা বকো আৰক্ষীৰ এটা দলে ৰাখিবলৈ বিচৰাত পলায়ন কৰি বাহনৰ গতি বেগ তীব্ৰ কৰাত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথৰ দাঁতিত থকা এটা খাৱৈত ৷

কিদৰে প্ৰায় ৩০০ বেগ কাঠ-কয়লা (যাৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৩ লাখ টকা) ভৰ্তি বাহনখনে বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখেৰে পাৰ হৈ যাবলৈ সক্ষম হয় সেইয়া হৈছে এক বৃহৎ প্ৰশ্ন ৷

লগতে পঢ়কঃনিশা নগাঁৱৰ কাষৰিগাঁৱত ভয়ংকৰ পথ দুর্ঘটনা

ABOUT THE AUTHOR

...view details