অসম

assam

ETV Bharat / state

দক্ষিণ কামৰূপত বন ধ্বংসযজ্ঞ,জব্দ কাঠ ভৰ্তি বাহন

দক্ষিণ কামৰূপত বৰ্তমানেও চলি আছে বন ধ্বংসযজ্ঞ। বনবিষয়াৰ নিৰ্বিকাৰ ভূমিকাৰ বিপৰীতে বৰদোৱা ভোলাগাওঁ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই জব্দ কৰিল কাঠ ভৰ্তি এখন গাড়ী ।

দক্ষিণ কামৰূপত বন ধ্বংসযজ্ঞ, জব্দ কাঠ ভৰ্তি বাহন

By

Published : Oct 22, 2019, 4:43 PM IST

দক্ষিণ কামৰূপ, 22 অক্টোবৰ:শিল-বালিৰ পৰা আৰম্ভ কৰি কাঠলৈ এতিয়া ধব্বংসৰ গৰাহত। দক্ষিণ কামৰূপতো অনুৰূপ দৃশ্য ৷ দক্ষিণ কামৰূপৰ লোহাৰঘাটত চলি আছে বন ধ্বংস যজ্ঞ। লোহাৰঘাট অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা বন মাফিয়াই কাটি তহিলং কৰিছে বহু মূল্যৱান গছ-গছনি । বন বিষয়াৰ নিৰ্বিকাৰ ভূমিকাৰ বাবেই লোহাৰঘাটত বন মাফিয়াই চলাই গৈছে অবৈধ কাঠৰ ৰমৰমীয়া বেহা।

জব্দ কাঠ ভৰ্তি বাহন

দীৰ্ঘদিন ধৰি লোহাৰঘাটৰ বনাঞ্চলিক বিষয়া শান্তনু পাটোৱাৰীয়ে বনাঞ্চল ৰক্ষাৰ বিপৰীতে বন মাফিয়াকহে সহযোগিতা আগবঢ়াই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে । বনবিষয়াৰ নিৰ্বিকাৰ ভূমিকাৰ বিপৰীতে মঙলবাৰে বৰদোৱা ভোলাগাওঁ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই অভিযান চলাই জব্দ কৰে কাঠৰ কুণ্ডা ভৰ্তি এখন গাড়ী । লোহাৰঘাটৰ পৰা AS-01EC-3454 নম্বৰৰ গাড়ীখনৰ পৰা প্ৰায় 50 হাজাৰ টকাৰ বজাৰ মূল্যৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷

ABOUT THE AUTHOR

...view details