বকো, 3 চেপ্তেম্বৰ: পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোকে গোপন সূত্ৰই প্ৰদান কৰা খবৰৰ ভিত্তিত বৃহস্পতিবাৰেঅবৈধ কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে চলোৱা এক অভিযানত, বৃহৎ পৰিমাণৰ মূল্যবান গছৰ কুণ্ডা, কাঠসহ ফলা মিল জব্দ কৰে ৷ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ বামুণীগাঁও বন সুৰক্ষা বাহিনীয়ে চলাইছিল এই অভিযান ৷ বৃহস্পতিবাৰে দিনৰ ভাগত বামুনীগাঁও বন সুৰক্ষা বাহিনীৰ বন বিষয়া লক্ষেশ্বৰ দাসৰ নেতৃত্বত বৃহৎ বন বিভাগৰ এটা দলে, মালিবাৰীত অভিযান চলায় ৷ অভিযানত কাঠ ফলা মেচিন, প্ৰায় ১ লাখ টকা মূল্যৰ চেগুন আৰু শাল গছৰ কুণ্ডা, ফলা কাঠ আদি জব্দ কৰে যদিও, মিলটোৰ সৈতে জড়িত লোক কেইজনে পলায়ন কৰে ৷
বকোৰ মালিবাৰীত অবৈধ কাঠ ফলা মিল উৎখাত - অবৈধ কাঠ ফলা মিল উৎখাত
বকোৰ মালিবাৰীত বন বিভাগৰ অভিযান ৷ এই অভিযানত কাঠ ফলা মেচিন, প্ৰায় ১ লাখ টকা মূল্যৰ চেগুন আৰু শাল গছৰ কুণ্ডা, ফলা কাঠ আদি জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ৷

অবৈধ কাঠ ফলা মিল উৎখাত
বকোৰ মালিবাৰীত অবৈধ কাঠ ফলা মিল উৎখাত