অসম

assam

ETV Bharat / state

দক্ষিণ কামৰূপত ৰাজনৈতিক আশীৰ্বাদপুষ্ট বন মাফিয়াৰ চিণ্ডিকেট

বন বিভাগৰ অভিযানত তিনিখন কাঠ ভৰ্তি গাড়ী জব্দ ৷ ৰাজনৈতিক নেতা পালিনেতাৰ বিৰুদ্ধে কাঠ চিণ্ডিকেটৰ অভিযোগ ৷

By

Published : Jun 18, 2020, 10:07 PM IST

illegal timber seized
illegal timber seized

ছয়গাঁও ১৮ জুন :দক্ষিণ কামৰূপত এইবাৰ ৰাজনৈতিক নেতা-পালিনেতাৰ বিৰুদ্ধে কাঠৰ ছিণ্ডিকেটৰ অভিযোগ । বন বিভাগে তিনিখনকৈ চোৰাং কাঠ ভৰ্তি গাড়ী জব্দ কৰি আওপকীয়াকৈ স্বীকাৰ কৰিলে এই কথা । দক্ষিণ কামৰূপৰ বনাঞ্চলত অব্যাহত আছে বনাঞ্চল ধ্বংস যজ্ঞ। এইবাৰ ৰাজনৈতিক নেতা পালিনেতা নামি পৰিছে কাঠৰ চিণ্ডিকেটত । পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত হাহিম লালমাটীত কাঠভৰ্তি তিনিখনকৈ গাড়ী জব্দ কৰাৰ পিছতেই ঘটনাই পুনৰবাৰ বনাঞ্চল ধ্বংসৰ ছবিখন ডাঙি ধৰিছে ৷

দক্ষিণ কামৰূপত ৰাজনৈতিক আশীৰ্বাদপুষ্ট বন মাফিয়াৰ চিণ্ডিকেট

হাহিমৰ পৰা বকো অভিমুখে আহি থকা অৱস্থাত গোপন সূত্ৰৰ পম খেদি ধৰিবলৈ সক্ষম হয় বন বিভাগে। বনকৰ্মীক দেখি চালকসকল পলাই যায় যদিও পিচত As 18 C 0264 407 নম্বৰৰ এখন ডি আই আৰু নম্বৰ প্লেট বিহীন দুখন মুঠ তিনিখন গাড়ী বামুণীগাঁৱৰ কাৰ্যালয়লৈ লৈ আহে। ৷ গাড়ী তিনিখনত প্ৰায় দুই লাখ টকা মূল্যৰ কাঠ থকা বুলি জানিবলৈ দিয়ে বন বিভাগে।

কিন্তু দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তৰ বনাঞ্চলসমূহত একাংশ বন বিষয়াৰ ছত্ৰছাঁয়াতেই চোৰাং বেপাৰীয়ে মূল্যবান গছবোৰ কাটি নিশেষ কৰিবলৈ ধৰাৰ পিছত এইবাৰ ৰাজনৈতিক নেতা-পালিনেতাই চিণ্ডিকেট চলাবলৈ ধৰাৰ কথা স্বীকাৰ কৰিলে বন বিষয়াই। এতিয়া প্ৰশ্ন হ'ল কোনে এইসকল ৰাজনৈতিক নেতা পালিনেতা । শূন্য সহনশীলতাৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ছত্ৰছাঁয়াতেই দলীয় নেতা-পালিনেতাই চলাইছে নেকি এই কাঠৰ চিণ্ডিকেট ৷

লগতে পঢ়ক :ধৰনীধৰ গোস্বামীক মৰণোত্তৰভাৱে প্ৰাপ্য সন্মান প্ৰদান কৰিব অসম চৰকাৰে

ABOUT THE AUTHOR

...view details