অসম

assam

ETV Bharat / state

বকোত দুখনকৈ চোৰাং কাঠ ভৰ্তি বাহন জব্দ

বন মাফিয়াই সংৰক্ষিত বনাঞ্চলৰ গছ কাটি গাড়ীত তুলি থকা অবস্থাত বামুণীগাঁও বনাঞ্চলিক বিষয়া কুশল দাস আৰু বনৰক্ষী বিপ্লৱ মেধিৰ নেতৃত্বত বনকৰ্মীৰ দলে চলায় এই অভিযান ৷ অভিযানত এখন গছৰ কুণ্ডাভৰ্তি টাটা ডি আই জব্দ কৰিবলৈ সক্ষম হয় ৷

By

Published : Oct 20, 2020, 10:57 PM IST

illegal timber
illegal timber

বকো, 20 অক্টোবৰ : দক্ষিণ কামৰূপৰ জামবাৰী আৰু শান্তিপুৰত বন বিভাগৰ সফল অভিযান ৷ চোৰাং কাঠৰ ব্যৱসায় আৰু বনাঞ্চল ধ্বংসযজ্ঞৰ সৈতে জড়িত দুৰ্বৃত্তৰ বিৰুদ্ধে ৰাজ্যৰ বন বিভাগ আৰু আৰক্ষীৰ ধাৰবাহিক অভিযান ৷ যোৱানিশা প্ৰায় ১০ বজাত পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়াই দক্ষিণ অঞ্চলৰ শান্তিপুৰ বনাঞ্চলিক এলেকাত গোপন সূত্ৰ পমখেদি চলায় অভিয়ান ৷

কুণ্ডাভৰ্তি টাটা ডি আই জব্দ

বন মাফিয়াই সংৰক্ষিত বনাঞ্চলৰ গছ কাটি গাড়ীত তুলি থকা অবস্থাত বামুণীগাঁও বনাঞ্চলিক বিষয়া কুশল দাস আৰু বনৰক্ষী বিপ্লৱ মেধিৰ নেতৃত্বত বনকৰ্মীৰ দলে চলায় এই অভিযান ৷ অভিযানত এখন গছৰ কুণ্ডাভৰ্তি টাটা ডি আই জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ কৰা টাটা ডি আইখনৰ নম্বৰ হৈছে -AS 06 AC - 7429 ৷ পিচত জব্দ কৰা ভেনখন কাঠসহ বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়লৈ লৈ আহে ৷ জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় ডেৰ লাখ টকা হ'ব বুলি জানিব পৰা গৈছে ৷

চোৰাং কাঠ ভৰ্তি বাহন

ইফালে, এক গোপন সূত্ৰৰ পমখেদি বকোৰ জামবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুন্না পাচানীয়েও চোৰাং কাঠৰ বিৰুদ্ধে চলায় অভিযান । জামবাৰীত চলোৱা যোৱা নিশাৰ এই অভিযানত চোৰাং কাঠ কঢ়িয়াই অনা মহিন্দ্ৰা পিকআপ ভেন এখন জব্দ কৰিবলৈ সক্ষম হয় ৷ AS 01 AC 3699 নম্বৰৰ মহিন্দ্ৰা পিকআপ ভেন গাড়ীখনত জব্দ কৰা চোৰাং চেগুন কাঠখিনিৰ মূল্য প্ৰায় এক লাখ টকা হ'ব বুলি জানিব পৰা গৈছে ৷ পিচত জব্দ কৰা কাঠখিনি বামুণীগাঁও বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত চমজাই দিয়ে ৷

লগতে পঢ়ক :ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান

ABOUT THE AUTHOR

...view details