বকো, 21 জুন : লক ডাউনৰ মাজতে ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ বেহা ৷ বিগত দিনকেইটাত ৰাজ্যৰ বিভিন্ন ঠাইত বহু লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ হোৱাৰ সমান্তৰালকৈ বকোৰ নামবৰজুলিত দেওবাৰে বৃহৎ পৰিমাণৰ অপৈনত শালৰ কুণ্ডা জব্দ কৰে বন বিভাগে ।
পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গত বৰজুলি সংৰক্ষিত বনাঞ্চলৰ পৰা অপৈনত শাল গছ কাটি পথৰ দাঁতিত মজুত কৰি ৰাখিছিল অসাধু চক্ৰই । শনিবাৰে নিশাৰ ভাগতে বন বিভাগে এই খবৰ লাভ কৰিছিল যদিও দেওবাৰে বন্দাপাৰা বন বিভাগে অভিযান চলায় । অভিযানত বন বিভাগে ৫০ টাতকৈ অধিক অপৈনত শাল গছৰ কুণ্ডা জব্দ কৰে । প্ৰায় ২ লাখ টকা মূল্যৰ এই কুণ্ডাখিনি চৰাঞ্চললৈ নিয়া পৰিকল্পনা কৰিছিল দুষ্ট চক্ৰই ।