দক্ষিণ কামৰূপত কাঠফুলাৰ দৰে গঢ়ি উঠিছে বালিৰ মহল - টংকেশ্বৰ ৰাভা
ৰাজ্যত এটা শক্তিশালী বন বিভাগ থকাৰ পিচটো অপৰিৱৰ্তিত আছে বন ধ্বংস অভিযান ৷ অবৈধ বালি মহলৰ বিৰুদ্ধে বন বিভাগৰ বিপৰীতে অভিযানত নামিল ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ ৷
আজাৰা, 3 আগষ্টঃদক্ষিণ কামৰূপত কাঠফুলাৰ দৰে গঢ়ি উঠা বালি মহলৰ বিৰুদ্ধে অভিযানত নামিল ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ ৷ পূব কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত কুলশী নৈত এতিয়া বন বিভাগৰ অজ্ঞাতেই গঢ়ি উঠিছে এইসমূহ বালি মহল ৷ বন-বিভাগৰ একাংশ ঘোচখোৰ বিষয়াৰ সৈতে মিলি বালি মাফিয়াই চলাই গৈছে এই ৰমৰমীয়া ব্যৱসায় ৷ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণক বুঢ়া আঙুলি দেখুৱাই বন বিভাগৰ দুৰ্নীতিগ্ৰস্থ বিষয়াৰ নেতৃত্বতে চলি আহিছে এই বালি মহল ৷ বন বিভাগলৈ অপেক্ষা নকৰি বালি মহলৰ বিৰুদ্ধে শনিবাৰে অভিযানত নামি পৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ ৷ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ নেতৃত্বত এটি দলে এইদৰে অভিযান চলায় ৷