ছয়গাঁও ১৪ মে’ : দেশত চলি থকা লক্ ডাউনৰ সময়চোৱাত দুখীয়া ৰাইজৰ মাজত তীব্ৰ খাদ্য সংকটে দেখা দিয়াৰ সময়তে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ জোৰশিমলুত কামৰূপ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় ১৩২ কুইন্টল চোৰাং চাউল । ইমান বৃহৎ পৰিমাণৰ চাউল জব্দ কৰা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ।
কামৰূপৰ উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠকে বিশেষ সূত্ৰৰ পম খেদি বুধবাৰে নিশা ছয়গাঁও থানাৰ অন্তৰ্গত মধ্য জোৰশিমলুৰ আব্দুল কালামনামৰ চোৰাং চাউলৰ বেপাৰী জনৰ ঘৰত অভিযান চলায় ।
অভিযানৰ পূৰ্বেই চোৰাং চাউল বেপাৰী আব্দুল কালাম পলাই যাবলৈ সক্ষম হয় যদিও লোকজনৰ ঘৰৰ গুদামৰ পৰা প্ৰায় ১৩২ কুন্টইল চাউল আৰু বিভিন্ন সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ছয়গাঁও আৰক্ষীয়ে । জব্দকৃত চাউল খিনি চৰকাৰে দুখীয়া জনসাধাৰণৰ কল্যাণৰ বাবে ৰূপায়ন কৰা খাদ্য সুৰক্ষা আঁচনিৰ চাউল বুলি সন্দেহ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
ছয়গাঁৱৰ জোৰশিমলুত চোৰাং চাউল জব্দ উল্লেখ্য যে, দক্ষিণ কামৰূপৰ চৰাঞ্চল সমূহত আব্দুল কালামৰ দৰে বহু চোৰাং বেপাৰীয়ে দীৰ্ঘদীন ধৰি এনেদৰে চৰকাৰী চাউলৰ অবৈধ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে । আৰক্ষীয়ে সময়ে-সময়ে অভিযান চলোৱা পৰিলক্ষিত হয় যদিও প্ৰকৃতাৰ্থতে এই চাউলৰ চোৰাং বেহা ৰোধ কৰাত এইপৰ্যন্ত সফল হ'ব পৰা নাই । অৱশ্যে এইবাৰ এনে চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিক ভাবে অভিযান চলাই যাব বুলি জানিবলৈ দিয়ে ।